কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে প্ৰৱৰ্তন কৰা প্ৰথম আন্তৰাষ্ট্ৰীয় যোগ দিৱসত মিডিয়া সন্মান লাভ কৰিলে দৈনিক অগ্ৰদূত কাকতে।কালি নতুন দিল্লীৰ নেচনেল মিডিয়া চেণ্টাৰত আয়োজিত এক অনুষ্ঠানত কেন্দ্রীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰ আৰু শ্ৰী পদ য়েশো নাইকে দৈনিক অগ্ৰদূত কাকতৰ সম্পাদক প্ৰাঞ্জল সেন ডেকাক এই বঁটা প্ৰদান কৰে।যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্রত দৈনিক অগ্ৰদূত কাকতে আগবঢ়োৱা গুৰুত্বপূৰ্ণ ভূমিকাৰ বাবে মন্ত্রী জাভেদকাৰে সম্পাদক গৰাকীক অভিনন্দন জনায়। উল্লেখযোগ্য যে আন্তৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই প্ৰতিযোগিতা খনৰ বিজয়ী সকলক নিৰ্বাচিত কৰাৰ বাবে ভাৰতীয় প্ৰেছ কাউঞ্চিলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চি কে প্ৰসাদৰ নেতৃত্বত ছজনীয়া কমিটী গঠন কৰিছিল।এই কমিটীয়ে সমগ্র দেশৰ ১১ খন দৈনিক কাকতক সন্মান প্ৰদানৰ বাবে নিৰ্বাচিত কৰে।এই সম্পৰ্কত মন্ত্রী জাভেদকাৰে কয় যে সমাজৰ হিতৰ বাবে যোগৰ প্ৰসাৰত আগবঢ়োৱা সংবাদ প্ৰতিষ্ঠান সমূহলৈ এয়া এক গুৰুত্বপূর্ণ সন্মান।স্মৰ্তব্য যে দৈনিক অগ্ৰদূতৰ লগতে মুম্বাইৰ মিড ডে,বাংগালোৰৰ উদয়বাণী,গোৱাৰ ডেইলি নৱপ্ৰভা,ভুৱনেশ্বৰৰ উৰিষ্যা এক্সপ্রেছ,অন্ধ্রপ্ৰদেশৰ বাৰ্তা পত্ৰিকা,নইদাৰ ৰোজনামা ৰাষ্ট্ৰীয় সাহাৰা,ইণ্ডোৰৰ নয়ী দুনিয়া,ৰাঁচীৰ প্ৰভাত খবৰ আৰু দেশপ্ৰাণ,জম্মুৰ ডেইলি নৱাই দোপৰে এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি