আজি দীপৰ বিলৰ পামহীত মাৰোৱাৰী হস্পিতালৰ এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।মাৰোৱাৰী হস্পিতালৰ প্ৰাক্তন চিকিৎসা অধীক্ষক ডাঃ মিলন বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই শিবিৰত জ্যেষ্ঠ চিকিৎসক সুশান্ত কুমাৰ সাহা আৰু শংকৰ বৰাই চিকিৎসা সেৱা আগবঢ়ায়।জানিব পৰা মতে মুঠ ১০৮ জন ৰোগীয়ে এই বিনামূলীয়া চিকিৎসা সেৱা গ্ৰহণ কৰে।ইয়াৰে বেছি সংখ্যক ৰোগী জ্বৰ,কাঁহ,মূৰৰ বিষ,গাৰ বিষ,পেটৰ বিষ আৰু ডায়েবেটিচ ইত্যাদি ৰোগত আক্ৰান্ত হৈছিল।এই চিকিৎসা শিবিৰত ৰোগীক বিনামূলীয়া ঔষধ,ডায়েবেটিচ পৰীক্ষণ,ৰক্ত চাপ পৰীক্ষণ,ওজন জোখাৰ লগতে বিনামূলীয়াকৈ ডাক্তৰৰ পৰামৰ্শ প্ৰদান কৰা হয়।উল্লেখ্য যে এনে ধৰণৰ স্বাস্থ্য সেৱা কেন্দ্ৰৰ জৰিয়তে সমাজত স্বাস্থ্য সজাগতা আৰু স্বচ্ছতাৰ হকে সদায় এক ইতিবাচক প্ৰভাৱ পৰে।এই সুক্ষ্ম পদক্ষেপ সমাজৰ বাবে বৃহৎ সহায়ক হ’ব পাৰে।যাৰ দ্বাৰা লোকসকল অধিক সচেতন হোৱাৰ লগতে বেমাৰৰ বিষয়ে অৱগত হৈ আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব পাৰে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি