গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী অসম মেঘালয় সীমান্তৱৰ্তী ঐতিহাসিক বৃহত্তৰ ৰাণী অঞ্চলৰ একমাত্ৰ শৈক্ষিক, সাংস্কৃতিক তথা বহুমুখী প্ৰতিভাসন্ধানী অনুষ্ঠান “স্বাক্ষৰ” ৰ পূৰ্ণাংগ সমিতি ৰবিবাৰে ৰাণী শাখা ছাত্ৰ সন্থাৰ কাৰ্যলয়ত গঠন কৰা হয় । স্থানীয় সমাজসেৱক তথা শিক্ষক দ্বীজেন দাসৰ পৰিচালনাত অনুষ্ঠিত হোৱা সাধাৰণ সভাখনৰ উদ্দেশ্য বাখ্যা কৰে “স্বাক্ষৰ” মুখ্য আহ্বায়ক ডেভিদ স্বৰ্গীয়াৰীয়ে । এই সভাতেই উপস্থিত থাকি শিক্ষক,কবি চবিন চন্দ্ৰ নাথ , প্ৰাক্তন ছাত্ৰ নেতা ক্ৰমে পৰাগজ্যোতি দাস , বিলম দাস আৰু আমজেদ আলীয়ে স্বাক্ষৰৰ পূৰ্ণাংগ সমিতি গঠন সন্দৰ্ভত আৰু ইয়াৰ ভৱিষ্যৎ কৰ্মপন্থাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে । উল্লেখ্য যে বিগত বহুবছৰ ধৰি স্বাক্ষৰে ৰাণীৰ অনগ্ৰসৰ গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ পাঠদান প্ৰদান কৰি শৈক্ষিক দিশত অভূতপূৰ্ব সাফল্য বুটুলিবলৈ সক্ষম হৈছে । অকল শৈক্ষিক দিশতেই নহয় সাহিত্য , কলা, সংস্কৃতি , ক্ৰীয়া, বিজ্ঞান , সমাজসেৱা আদি বিভিন্ন দিশত ব্যতিক্ৰমী কাৰ্যপন্থাৰে কাৰ্যসূচী হাতত লৈ ভূয়সী প্ৰশংসাৰ লগতে কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় । বিশেষকৈ অধ্যাপক, সাহিত্যিক ডেভিদ স্বৰ্গীয়াৰীৰ একান্ত প্ৰচেষ্টাত গঢ় লৈ উঠা এই “স্বাক্ষৰ”ৰ পূৰ্ণাংগ সমিতিয়ে অনাগত দিনত ৰাণী অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ বাবে মুখ্য ভুমিকা গ্ৰহণ কৰিব ।
Trending
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি