গুৱাহাটীত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া য়ুথ গেমছত প্ৰথমটো সোণৰ পদক কঢ়িয়াই আনিলে পূজা বসুমতাৰীয়ে।উল্লেখ্য যে পূজাই ৫৭ কেজি শাখাৰ জুড’ প্ৰতিযোগিতাত অংশগ্রহণ কৰি সোণৰ পদক লাভ কৰে।স্মৰ্তব্য যে পূজাই ২০১৯ বৰ্ষৰ ছেপ্তেম্বৰত লণ্ডনত অনুষ্ঠিত হোৱা কমনৱেলথ্ গেমছৰ জুড’ প্ৰতিযোগিতাত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছিল।ইতিমধ্যে খেলুৱৈ গৰাকীয়ে পাঞ্জাৱৰ গোৱালিয়ৰত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে।ইতিপূৰ্বে অসমৰ উপাসা তালুকদাৰে জিমনাষ্টিকত এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত মহাৰাষ্ট্ৰ সৰ্বমুঠ ২৯ টা পদকেৰে শীৰ্ষ স্থানত আছে।ইয়াৰে ভিতৰত ৯ টা সোণ,৮ টা ৰূপ আৰু ১২ টা ব্ৰঞ্জৰ পদক।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি