চলিত খেলো ইণ্ডিয়া য়ুথ গেমছত পুনৰবাৰ অসমলৈ সুনাম কঢ়িয়াই আনিছে দুগৰাকী খেলুৱৈয়ে।ইয়াৰে জুডোৰ ছোৱালী শাখাৰ ১৭ বছৰ অনুৰ্ধ ৬৩ কেজি ইভেন্টত ধৰিত্ৰী সোণোৱালে ৰূপক পদক লাভ কৰিবলৈ সক্ষম হৈছে।আনহাতে জেৱলিন থ্ৰ’ত (জি ২১)৪৪.২৪ মিটাৰ দূৰত্বত পংখী ব্ৰহ্মই ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে।ইয়াৰ পূৰ্বে কাৰ্বি আংলঙৰ জুডো খেলত পূজা বসুমতাৰীয়ে অসমলৈ প্ৰথমটো সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে।উল্লেখ্য যে পল্টন বজাৰস্থিত ছাই কেন্দ্রত দেওবাৰে অনুষ্ঠিত হোৱা ১৭ বছৰ অনুৰ্ধ জুডোৰ ৫৭ কেজি শাখাত পূজা বসুমতাৰীয়ে উত্তৰাখণ্ডৰ স্নেহা চৌহানক ১-০ ত পৰাস্ত কৰে।ইয়াৰোপৰি শনিবাৰে উপাসা তালুকদাৰে জিমনাষ্টিকত এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।যোৱা বছৰ শীৰ্ষ পদক লাভ কৰা মহাৰাষ্ট্ৰই এইবাৰৰ তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত ১২ টা সোণ,১০টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জ,সৰ্বমুঠ ৩৮ টা পদকেৰে শীৰ্ষ স্থানত উপনীত হৈছে। ইতিমধ্যে কেন্দ্রীয় ক্ৰীড়া মন্ত্রী কিৰেন ৰিজিজুৱে পদক লাভ কৰা ঠাইসমূহৰ তালিকাখন টুইটাৰযোগে প্ৰকাশ কৰিছে।য’ত মহাৰাষ্ট্ৰই ৩৮ টা পদকেৰে শীৰ্ষ স্থানত,দিল্লীয়ে ২৩ টা আৰু উত্তৰ প্ৰদেশে ১৬ টা পদকেৰে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।ৰাষ্ট্ৰীয় পৰ্যায়ত যিদৰে মহাৰাষ্ট্ৰ আগুৱাই আছে ঠিক সেইদৰে উত্তৰ পূবৰ ৰাজ্যৰ ভিতৰত ত্ৰিপুৰাই ৪টা সোণ আৰু ১টা ৰূপৰ পদক সৰ্বমুঠ ৫ টা পদকেৰে শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon