চলিত খেলো ইণ্ডিয়া য়ুথ গেমছত পুনৰবাৰ অসমলৈ সুনাম কঢ়িয়াই আনিছে দুগৰাকী খেলুৱৈয়ে।ইয়াৰে জুডোৰ ছোৱালী শাখাৰ ১৭ বছৰ অনুৰ্ধ ৬৩ কেজি ইভেন্টত ধৰিত্ৰী সোণোৱালে ৰূপক পদক লাভ কৰিবলৈ সক্ষম হৈছে।আনহাতে জেৱলিন থ্ৰ’ত (জি ২১)৪৪.২৪ মিটাৰ দূৰত্বত পংখী ব্ৰহ্মই ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে।ইয়াৰ পূৰ্বে কাৰ্বি আংলঙৰ জুডো খেলত পূজা বসুমতাৰীয়ে অসমলৈ প্ৰথমটো সোণৰ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছে।উল্লেখ্য যে পল্টন বজাৰস্থিত ছাই কেন্দ্রত দেওবাৰে অনুষ্ঠিত হোৱা ১৭ বছৰ অনুৰ্ধ জুডোৰ ৫৭ কেজি শাখাত পূজা বসুমতাৰীয়ে উত্তৰাখণ্ডৰ স্নেহা চৌহানক ১-০ ত পৰাস্ত কৰে।ইয়াৰোপৰি শনিবাৰে উপাসা তালুকদাৰে জিমনাষ্টিকত এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।যোৱা বছৰ শীৰ্ষ পদক লাভ কৰা মহাৰাষ্ট্ৰই এইবাৰৰ তৃতীয় খেলো ইণ্ডিয়া য়ুথ গেমছত ১২ টা সোণ,১০টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জ,সৰ্বমুঠ ৩৮ টা পদকেৰে শীৰ্ষ স্থানত উপনীত হৈছে। ইতিমধ্যে কেন্দ্রীয় ক্ৰীড়া মন্ত্রী কিৰেন ৰিজিজুৱে পদক লাভ কৰা ঠাইসমূহৰ তালিকাখন টুইটাৰযোগে প্ৰকাশ কৰিছে।য’ত মহাৰাষ্ট্ৰই ৩৮ টা পদকেৰে শীৰ্ষ স্থানত,দিল্লীয়ে ২৩ টা আৰু উত্তৰ প্ৰদেশে ১৬ টা পদকেৰে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।ৰাষ্ট্ৰীয় পৰ্যায়ত যিদৰে মহাৰাষ্ট্ৰ আগুৱাই আছে ঠিক সেইদৰে উত্তৰ পূবৰ ৰাজ্যৰ ভিতৰত ত্ৰিপুৰাই ৪টা সোণ আৰু ১টা ৰূপৰ পদক সৰ্বমুঠ ৫ টা পদকেৰে শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud