বয়ন শিল্পত চহকী অসম।তাঁতশাল আমাৰ জাতীয় জনজীৱনৰ অঙ্গস্বৰূপ।অসমৰ শিপিনীয়ে তৈয়াৰ কৰা ফুলাম কাপোৰ দেখি জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল অসমীয়া তিৰোতাই কাপোৰত সপোন ৰচিব পাৰে।তেনে এক সপোন পূৰ কৰিলে পশ্চিম যোৰহাটৰ চাৰিঙীয়া গাঁৱৰ জ্যোতি বৰা দত্তই।প্ৰায় এবছৰীয়া প্ৰচেষ্টাত মহিলা গৰাকীয়ে তাঁতশালত বৈ উলিয়ালে ৮ মিটাৰ দৈৰ্ঘ্যৰ আৰু ১ মিটাৰ প্ৰস্থৰ গুণমালা।আখৰৰ লগতে শংকৰদেৱ,মাধৱদেৱ আৰু শিষ্যসকল বহি থকাৰ চিত্ৰও অংকণ কৰিছে।স্বামী প্ৰভাত দত্তৰ প্ৰেৰণাত প্ৰথমবাৰলৈ এই কাম কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে জ্যোতি দত্ত বৰাই।ঘৰুৱা কাম কাজৰ লগতে চিলাই কৰি ভালপোৱা মহিলা গৰাকীয়ে ক্ৰমান্বয়ে সোণালী সূতাত গুৰু দুজনাৰ সৃষ্টিৰাজি তুলি ধৰাৰ পৰিকল্পনা কৰিছে।মহাপুৰুষ শংকৰদেৱৰ তত্ত্বাৱধানত তৈয়াৰ কৰা বৃন্দাবনী বস্ত্ৰ আজি সমগ্ৰ বিশ্বতে পৰিচিত।ঠিক সেইদৰে জ্যোতি দত্ত বৰাৰ দৰে অসমীয়া মহিলাৰ এনে মহান প্ৰচেষ্টা সৰ্বত্ৰে চৰ্চিত হওক।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে..
Trending
- আজিৰ পৰা ৰাজাপানীচান্দাত ৰঙালী বিহুৰ সোণালী জয়ন্তী বৰ্ষ আৰম্ভ
- ফিফা বিশ্বকাপ ২০২৬টিএম লৈ ভিছা আৰু এইচডিএফচি বেংকে ওচৰ চপাই আনিছে ভাৰতীয় অনুৰাগীসকলক
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি