পলাশবাৰী সমষ্টিৰ ১ নং সত্ৰপাৰা প্ৰাথমিক বিদ্যালয়ত উত্তৰ পূৱ ছাত্ৰী সংগঠনৰ ২৩ তম্ প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সমাজৰ উন্নতি সাধন কৰিবলৈ মহিলাৰ সম উন্নয়ন কৰিব লাগিব বুলি কয়। লগতে উত্তৰ পূৱ ছাত্ৰী সংগঠনটোৱে মহিলা আৰু ছাত্ৰীসকলৰ বাবে বিভিন্ন পদক্ষেপক প্ৰশংসা কৰে। প্ৰতিষ্ঠা দিবসৰ সৈতে সংগতি ৰাখি মহিলাৰ মাজত এলানি লঘু খেল ধেমালি প্ৰতিযোগিতাও অনুষ্ঠিত কৰে। উক্ত প্ৰতিষ্ঠা দিৱসত ছাত্ৰী সংগঠনৰ সভানেত্ৰী মুনমী দত্তই আদৰণী ভাষণ দিয়ে। ভাষণত দত্তই সংগঠনটোৱে জন্ম লগ্নৰে পৰা মহিলা আৰু ছাত্ৰীসকলক সৱলীকৰণৰ উদ্দেশ্যি স্কীল ডেভেলপমেণ্ট, বোৱা কটাৰ লগতে আত্মৰক্ষাৰ বাবে জুদো আদি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি আহিছে। বিগত সময়ছোৱাতো মহিলা আৰু ছাত্ৰীসকলৰ বাবে বিভিন্ন কাম কৰিব বুলিও ভাষণত উল্লেখ কৰে সভানেত্ৰী দত্তই। উক্ত প্ৰতিষ্ঠা দিৱস ছাত্ৰী সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসত সমাজকৰ্মী কৃষ্ণ কান্ত বৰুৱাই অংশগ্ৰহণ কৰি ছাত্ৰী সংগঠনটোয়ে মহিলাৰ বাবে যিবোৰ কাম কৰি আছে, সেয়া আদৰ্শনীয় বুলি কয়। উক্ত অনুষ্ঠানত অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে।খবৰ যুগুতালে জিতুমণি দাসে..
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon