পলাশবাৰী সমষ্টিৰ ১ নং সত্ৰপাৰা প্ৰাথমিক বিদ্যালয়ত উত্তৰ পূৱ ছাত্ৰী সংগঠনৰ ২৩ তম্ প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সমাজৰ উন্নতি সাধন কৰিবলৈ মহিলাৰ সম উন্নয়ন কৰিব লাগিব বুলি কয়। লগতে উত্তৰ পূৱ ছাত্ৰী সংগঠনটোৱে মহিলা আৰু ছাত্ৰীসকলৰ বাবে বিভিন্ন পদক্ষেপক প্ৰশংসা কৰে। প্ৰতিষ্ঠা দিবসৰ সৈতে সংগতি ৰাখি মহিলাৰ মাজত এলানি লঘু খেল ধেমালি প্ৰতিযোগিতাও অনুষ্ঠিত কৰে। উক্ত প্ৰতিষ্ঠা দিৱসত ছাত্ৰী সংগঠনৰ সভানেত্ৰী মুনমী দত্তই আদৰণী ভাষণ দিয়ে। ভাষণত দত্তই সংগঠনটোৱে জন্ম লগ্নৰে পৰা মহিলা আৰু ছাত্ৰীসকলক সৱলীকৰণৰ উদ্দেশ্যি স্কীল ডেভেলপমেণ্ট, বোৱা কটাৰ লগতে আত্মৰক্ষাৰ বাবে জুদো আদি প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰি আহিছে। বিগত সময়ছোৱাতো মহিলা আৰু ছাত্ৰীসকলৰ বাবে বিভিন্ন কাম কৰিব বুলিও ভাষণত উল্লেখ কৰে সভানেত্ৰী দত্তই। উক্ত প্ৰতিষ্ঠা দিৱস ছাত্ৰী সংগঠনটোৰ প্ৰতিষ্ঠা দিৱসত সমাজকৰ্মী কৃষ্ণ কান্ত বৰুৱাই অংশগ্ৰহণ কৰি ছাত্ৰী সংগঠনটোয়ে মহিলাৰ বাবে যিবোৰ কাম কৰি আছে, সেয়া আদৰ্শনীয় বুলি কয়। উক্ত অনুষ্ঠানত অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে।খবৰ যুগুতালে জিতুমণি দাসে..
Trending
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ
- Assam Centre review key infrastructure projects to accelerate state’s growth: CM
- CSR Head Reviews Women-Led Sarthebari Metal Craft Project
- Assam CM meets Jaishankar, discusses Act East Policy and regional trade opportunities
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান