যোৱা ১০ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা খেলো ইণ্ডিয়াত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল পশ্চিম গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ সমীপৱৰ্তীৰ যোগীপাৰাৰ সূৱৰ্ণ কলিতাই । অসমৰ হৈ ৪০০মিটাৰ ২১ অনুৰ্ধৰ শিতানত স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হোৱা সূৱৰ্ণ কলিতাৰ বাসগৃহত এতিয়া আনন্দমুখৰ পৰিবেশ । সুৱৰ্ণৰ এই সফলতাক স্থানীয় দল সংগঠন, জনপ্ৰতিনিধিকে আদি কৰি ৰাইজে শুভেচ্ছা জনাইছে ।বৃহস্পতিবাৰে সুৱৰ্ণ কলিতাৰ বাসগৃহত কংগ্ৰেছ নেত্ৰী জুৰী শৰ্মা বৰদলৈসহ কেইবাজনলোক উপস্থিত থাকে । ৰাণী ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী দেৱ বড়ো নাথ , দিপেন বৰুৱা , পশ্চিম গুৱাহাটীৰ যুৱ কংগ্ৰেছৰ সভাপতি ৱাচিম আক্ৰামৰ লগতে কেইবাগৰাকী কংগ্ৰেছ কৰ্মীৰ উপস্থিতিত জুৰী শৰ্মা বৰদলৈয়ে সূৱৰ্ণক সম্বৰ্ধনা জ্ঞাপন কৰি অনাগত দিনত প্ৰয়োজন অনুসৰি যিকোনো ধৰণৰ সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে নেত্ৰী গৰাকীয়ে ।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি