গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২৮ সংখ্যক সমাবৰ্তন সমাৰোহ খন অহা ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব।এই সন্দৰ্ভত মঙলবাৰে বিয়লি উপাচাৰ্যৰ কাৰ্যালয়ৰ সভাগৃহত আয়োজিত এক সংবাদমেলত বিশ্ববিদ্যালয়খনৰ উপাচার্য ড০ প্ৰতাপজ্যোতি সন্দিকৈয়ে আগন্তুক সমাৰোহখনৰ বিষয়ে সদৰি কৰি কয় ২৪ ফেব্ৰুৱাৰীত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া সমাৰোহত পৌৰাহিত্য কৰিব বিশ্ববিদ্যালয়ৰ আচাৰ্য আৰু অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে।উপাচার্য ড০ প্ৰতাপজ্যোতি সন্দিকৈয়ে কয় সমাৰোহত অসমৰ সাহিত্য,সংস্কৃতি,ভাস্কর্য,স্থাপত্যৰ ক্ষেত্রখনলৈ আগবঢ়োৱা অৱদানৰ বাবে বিশিষ্ট লেখক অৰূপ কুমাৰ দত্ত আৰু ভাস্কর্য শিল্পী বীৰেন সিংহক ক্ৰমে সন্মানীয় ডি লিট আৰু ডক্টৰেট ডিগ্রী প্ৰদান কৰা হ’ব।সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তৃতা প্ৰদান কৰিব বিশিষ্ট বিজ্ঞানী,পদ্মশ্রী আৰু শান্তি স্বৰূপ ভাটনগৰ বঁটা বিজয়ী,নতুন দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচার্য অধ্যাপক সুধীৰ কুমাৰ চোপাৰীয়ে।আনহাতে এইবাৰ সমাবৰ্তনত নতুনত্ব অনাৰ লক্ষ্যৰে শিক্ষাৰ্থীক টুপী নিদিয়াৰ লগতে ৰাজ্যৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতি প্ৰতিফলিত কৰা হ’ব বুলি উপাচার্য ড০ প্ৰতাপজ্যোতি সন্দিকৈয়ে সদৰি কৰে।সংবাদমেলত সমাবৰ্তন সমাৰোহৰ আহ্বায়ক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ সভাপতি ড০ অখিল ৰঞ্জন দত্তই কয় এইবাৰ সমাৰোহত ডিগ্রী লাভৰ বাবে ২৫৩৪ গৰাকী শিক্ষাৰ্থী আৰু ৩৪১জন পি এইচ ডি ডিগ্রীধাৰীয়ে আবেদন কৰিছে।ইয়াৰ ভিতৰত ৬৭৫ গৰাকী স্নাতকোত্তৰ,১৪৯৩ গৰাকী স্নাতক,১৭ গৰাকী এম ফিল আৰু ৮ গৰাকী ডিপ্লমাধাৰী শিক্ষাৰ্থীয়ো আছে।ইতিমধ্যে বিশ্ববিদ্যালয়ৰ ৱেবচাইটত এই সম্পর্কে সময়ে সময়ে আপডেট দিয়া হৈছে বুলি ড০ অখিল ৰঞ্জন দত্তই সদৰি কৰে।সংবাদমেলত সমাৰোহৰ সমন্বয়ক ড০ মাধুৰ্য প্ৰসাদ বৰা আৰ ড০ দ্বীপেন বেজবৰুৱা উপস্থিত থাকে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন
- Assam Skill University Signs Landmark MoU with Directorate of Sainik Welfare
- Minister Pijush Hazarika Visits Second Bereaved Family in Gujarat Affected by the Pahalgam Terror Attack
- Minister Ashok Singhal Visits Family of Pehelgam Terror Attack Victim in Balasore, Odisha
- Assam’s flood problem is almost becoming an issue of the past under CM Dr Sarma’s leadership: Minister Hazarika
- Assam CM meets Defence Minister; seeks intervention in establishing Defence Corridor
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita