শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে মুখ্য উদ্দেশ্য হিচাপে অসমৰ কলা সংস্কৃতি আৰু সাহিত্য প্ৰচাৰ প্ৰসাৰৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰি আহিছে।এই উদ্দেশ্যক সাৰোগত কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ অসমৰ জাতীয় সংস্কৃতি বিষয়ক মহিলা শিল্পীসকলৰ দ্বাৰা চিত্ৰলেখা শীৰ্ষক এখনি চিত্র কৰ্মশালাৰ আয়োজন কৰা হৈছে।আজি কৰ্মশালাখনৰ শুভ উদ্বোধন কৰে অসমৰ বিশিষ্ট ভাস্কর্য শিল্পী তথা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সাধাৰণ পৰিষদৰ সদস্য বীৰেন সিংহই।কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে ভাষণ প্ৰদান কৰি কয় যে ললিত কলা বিভাগৰ কৰণীয় কামখিনি অনাগত দিনত সম্পন্ন কৰা হ’ব।এই বছৰৰ পৰা অসমৰ বিভিন্ন অঞ্চলত কলাক্ষেত্ৰ সমাজৰ উদ্যোগত চিত্র কৰ্মশালা অনুষ্ঠিত কৰা হ’ব।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মুকুল ৰাভা আৰু গায়ত্রী মহন্ত উপস্থিত থাকে।এই চিত্রকলা শিবিৰত অংশগ্রহণকাৰী শিল্পীসকল হ’ল ক্ৰমে অসম চাৰু কাৰু কলা মহাবিদ্যালয়ৰ অধ্যক্ষ জেবিন ৰহমান ঘোষ দোস্তিদাৰ,কিমকি চক্ৰৱৰ্তী,স্মীতা শইকীয়া,মীনাক্ষী বৰগোঁহাই,মণিকা দেৱী,তিমি দাস,অদিটি চক্ৰৱৰ্তী,তুলিৰেখা দেৱী,অৰুন্ধতী চৌধুৰী,পায়েল দেৱনাথ,পিনাজ কাওচাৰ,নীলাঞ্জনা গগৈ,পল্লৱী শৰ্মা আৰু ড০ মৌচুমী ডেকা।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon