এন এফ ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন্দ্র ভট্টাচার্যক জনসম্পৰ্কৰক্ষী ক্ষেত্রখনলৈ আগবঢ়োৱা অৱদানৰ বাবে চেন্নাইৰ গ্ল’বেল হিউমেন পীচ ইউনিভাৰ্চিটিয়ে তেওঁলোকৰ অতি সম্মানীয় ড০ এ পি জে আব্দুল কালাম এক্সিলেন্স এৱাৰ্ড ২০২০ বঁটাৰে সন্মানিত কৰিছে।গুৱাহাটীৰ মালিগাঁৱৰ ৰং ভৱন প্ৰেক্ষাগৃহত ইউনিভাৰ্চিটিখনৰ উদ্যোগত অলপতে অনুষ্ঠিত গোলকীয় শান্তি সন্মিলনত নৃপেন্দ্র ভট্টাচার্যক এই বঁটা প্ৰদান কৰা হয়।বঁটা প্ৰদান কৰে নতুন দিল্লীৰ নয়ডা ফিল্ম চিটিৰ প্ৰতিষ্ঠাপক ড০ সন্দীপ মাৰোৱাই।অনুষ্ঠানত গ্ল’বেল হিউমেন পীচ ইউনিভাৰ্চিটিৰ উপাচার্য ড০ পি মেনুৱেল,গুৱাহাটীৰ সাংসদ কুইন ওজা,প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক সঞ্জীব নাৰায়ণ,নিউজ পেপাৰ এছ’চিয়েছন অৱ ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ড০ বিপিন গৌৰ,ভাৰত স্কাউট এণ্ড গাইডৰ ৰাষ্ট্ৰীয় আয়ুক্ত ৰাজ কে পি সিনহা,মহাত্মা গান্ধী গ্ল’বেল পীচ ফ’ৰামৰ প্ৰতিষ্ঠাপক মনজিত সিনহাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি,কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ গুৱাহাটীস্থ কাৰ্যালয়ৰ কেবা গৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে।অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ ২০ গৰাকী সাংবাদিক,জনসম্পৰ্কৰ দায়িত্বত থকা চৰকাৰী বিষয়াক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়।উল্লেখ্য এই গোলকীয় শান্তি সন্মিলনত দেশৰ ২৬ খন ৰাজ্যৰ প্ৰতিনিধি উপস্থিত থাকে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা