ছানী দেউল অসমলৈ আহিব

0 623

১৫ ফেব্ৰুৱাৰীৰ পৰা ডিফুৰ সমীপৰ তাৰালাংছোত আৰম্ভ হৈছে কাৰ্বি যুৱ মহোৎসৱ।দেওবাৰে মহোৎসৱখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে।
 
কাৰ্বি সাংস্কৃতিক চ’চাইটিৰ উদ্যোগত অনুষ্ঠিত পাঁচদিনীয়া এই মহোৎসৱৰ দেওবাৰৰ অনুষ্ঠানত সাংসদ হৰেন সিং বে আৰু মন্ত্রী ছুম ৰংহাং উপস্থিত থাকে।এই মহোৎসৱৰ বাবে পাহাৰীয়া জিলাখনত এতিয়া উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে ১৯ ফেব্ৰুৱাৰী অৰ্থাৎ শেষৰদিনা অনুষ্ঠানত জনপ্রিয় অভিনেতা তথা বিজেপি সাংসদ ছানী দেউল আৰু লাডাখৰ সাংসদ জামিয়াং টিশৃং নামিগিয়াল উপস্থিত থাকিব।

Leave A Reply

Your email address will not be published.