ইউটিউৱ যোগে পাঠদান দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক

0 451

সম্প্ৰতি লক ডাউনৰ বাবে বিদ্যালয় সমূহ বন্ধ আছে। বন্ধৰ সময়ছোৱাত শিক্ষাৰ্থী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অসম মাধ্যমিক শিক্ষা পৰিষদে এক ব্যৱস্থা গ্ৰহণ কৰিছে। দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ সহায়ক হোৱাকৈ Eduaid নামৰ ইউটিউৱৰ চেনেলটোৰ জৰিয়তে পাঠদান কৰিছে।
 
 
উল্লেখযোগ্য যে যোৱা ২৫ মাৰ্চৰ পৰা বিয়লি ৫ বজাৰ পৰা ৬ বজালৈ চেনেলটোৰ জৰিয়তে বিভিন্ন বিষয়ৰ পাঠক্ৰমৰ পাঠদান আৰম্ভ কৰিছে।সোমবাৰৰ পৰা শনিবাৰলৈ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া, ইংৰাজী, বড়ো ভাষাত পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব।ইচ্ছুক ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলে সবিশেষ জানিবলৈ ৯৪৭৭৯৯৪৭৭৯ নম্বৰত যোগাযোগ কৰিব পাৰে ।

Leave A Reply

Your email address will not be published.