এগৰাকী শিক্ষকে ৫টা পৰিয়ালক দিলে খাদ্য সামগ্ৰী

0 280

নলবাৰী জিলাৰ ১০নং দক্ষিণ বাঁহজনী গাঁও পঞ্চায়তৰ অনৰ্গত কুমাৰীকাটা অঞ্চলৰ পাঁচটাকৈ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক সহায়ৰ হাত আগবঢ়াই অঞ্চলটোৰ এগৰাকী প্ৰধান শিক্ষক দেবেন ডেকাই। বাক্সা জিলাৰ পলোকাটাত কৰ্মৰত শিক্ষকগৰাকী তেওঁৰ ঘৰৰ ওচৰৰে পৰিয়ালকেইটাক দেশৰ এই দুৰ্দিনৰ সময়ছোৱাত আগবঢ়োৱা সহায়ে পৰিয়ালকেইটাক অলপ সকাহ দিছে।
 
ডেকাই তেওঁৰ সামৰ্থ অনুযায়ী পৰিয়ালকেইটাক দাইল, আলু, চাউল ইত্যাদিকে ধৰি কেইবাটাও খাদ্য সামগ্ৰী প্ৰদান কৰে। উল্লেখ্য যে ক’ৰণা ভাইৰাছৰ বাবে সমগ্ৰ দেশজুৰি অব্যাহত থকা লকডাউনৰ বাবে দৈনন্দিন সৰু সুৰা কৰ্ম কৰি পেটে ভাতে খাই থকা মানুহখিনিৰ বহুখিনি সমস্যাই দেখা দিছে।
 
ইফালে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ নিজৰ সামৰ্থ অনুযায়ী প্ৰতি প্ৰায় পাচটাকৈ পৰিয়ালক সহায় কৰিবলৈ আহ্বান জনাইছিল। মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাঁৰি জনায় আজি ঘৰৰ ওচৰৰে পাঁচটা পৰিয়ালক প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰে অঞ্চলটোৰ প্ৰধান শিক্ষক দেবেন ডেকাই।

Leave A Reply

Your email address will not be published.