অচিৰেই ৰোপ ৱে মুকলি হ’ব-সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্য

0 296

অচিৰেই গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ৰোপ ৱেৰ নিৰ্মাণ কাৰ্য্য সম্পন্ন হ’ব।
 
আজি নিৰ্মাণৰত ৰোপ পৰিদৰ্শন কৰি গুৱাহাটী মহানগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্যই এনেদৰে কয়-গুৱাহাটীৰ কাছাৰী আৰু উত্তৰ গুৱাহাটীৰ মাজত সাজি উলিওৱা উলিওৱা ‘ৰোপ ৱে’ৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠিছে। আজি মই নিজেই এই ৰোপ ৱেৰ মাধ্যমেৰে কাছাৰীৰ পৰা উত্তৰ গুৱাহাটীলৈ পৰীক্ষামূলক ভাৱে চলাচল কৰি গোটেই ব্যৱস্থাটো পৰিদৰ্শন কৰিলোঁ। মই লক্ষ্য কৰিছো যে এই ব্যৱস্থাটোৱে গুৱাহাটী মহানগৰী আৰু উত্তৰ গুৱাহাটীৰ মাজত কেৱল যে যাতায়তৰ সময়েই লাঘৱ কৰিব তেনে নহয়, ইয়াৰ মাধ্যমেৰে যাতায়ত কৰি ৰাইজে গুৱাহাটী মহানগৰ, বৰলুইত আৰু উমানন্দ মন্দিৰৰ যি মনোমোহা বিহংগম দৃশ্যৰাজী প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ’ব, সি সঁচাকৈয়ে এক বুজাব নোৱাৰা অভিজ্ঞতা হিচাপে পৰিগণিত হ’ব। সম্পূৰ্ণ ব্যৱস্থাটোৰ অগ্ৰগতি দেখি মই সুখী হৈছো। অনতিপলমে ইয়াক ৰাইজৰ সেৱাত মুকলি কৰি দিয়া হ’ব।
উল্লেখযোগ্য যে এই ৰোপ ৱেত কেৱল কাৰে সৰ্বাধিক ৩০জন যাত্ৰীক কঢ়িব পাৰে।

Leave A Reply

Your email address will not be published.