স্বাস্থ্যমন্ত্ৰীলৈ অসম সমন্বয় বঁটা বিহু সমিতিৰ

0 263

বৰ্তমান জটিল সময়ত নিজৰ জীৱনৰ কথা চিন্তা নকৰি ৰাইজৰ সুৰক্ষাৰ প্ৰতি নিস্থা সহকাৰে দায়িত্ব পালন কৰাৰ বাবে শিমলুগুৰি আঞ্চলিক ব’হাগী বিদায় উদযাপন সমিতিয়ে এই বছৰৰ অসম সমন্বয় বঁটা ২০২০ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব ৰ্শমাক এই বঁটা প্ৰদান কৰিছে । ৩৯ বৰ্ষত ভৰি দিয়া সমিতিখনে ক’ৰণাৰ ভয়াবহতাৰ বাবে এইবাৰ বিহু উদযাপন নাই কৰা যদিও এই বঁটা প্ৰদান কৰিছে ।
 
এই বঁটাত আছে এখন শৰাই, গামোছা ,চেলেং ,প্ৰশস্তি পত্ৰ লগতে নগদ  পোন্ধৰ হাজাৰ পাঁচ শ পাস্পন টকা। বিগত দুটা বৰ্ষত এই বঁটাৰ বাবে  সংস্কৃতিৰ লগত জড়িত থকা দুজন জনপ্ৰিয় ব্যক্তি নিৰ্বাচিত হৈছিল। ২০১৮ বৰ্ষত এই বঁটাৰ বাবে নিৰ্বাচিত হৈছিল জনপ্ৰিয় গায়ক মহেন্দ্ৰ হাজৰিকা আৰু ২০১৯ বৰ্ষত এই বঁটাৰ বাবে নিৰ্বাচিত হৈছিল জনপ্ৰিয় অভিনেতা নিপন গোস্বামী ৷ উল্লেখযোগ্য যে শিৱসাগৰ জিলা উপাযুক্তৰ জৰিয়তে তেখেতলৈ সমিতিয়ে এই বঁটা প্ৰেৰণ কৰিব ।
খবৰ যুগুতালে নাজিৰাৰ পৰা দিলিপ শইকীয়াই..

Leave A Reply

Your email address will not be published.