আজি ভোগলীৰ বিহুৰ উৰুকা। উৰুকা মানে এই উৰুকা সকলোৰে হেপাঁহৰ উৰুকা । কাৰণ উৰুকা নিশাই প্ৰতিজন অসমীয়াই এসাজ তৃপ্তিৰে গ্ৰহণ কৰে। মাঘ বিহুৰ উৰুকাৰ লগত বহু পৰম্পৰা জড়িত হৈ আছে। পুখুৰী, বিলৰ পৰা মাছ ধৰাৰ পৰা আৰম্ভ কৰি পথাৰৰ নৰা আনি ভেলাঘৰ সজালৈকে অথবা গুৱা পান আৰু মাননী আগবঢ়াই দি মেজি জপালৈকে সকলোতে এক পৰম্পৰা বিৰাজমান হৈ আজিও হৈ আছে। উৰুকা নিশা জেওৰা, কাপোৰ মেলা বাহঁ, বাৰীৰ আলু, কবি, কচু চুৰ কৰা অথবা পশুধন চুৰ কৰি নিয়া পৰম্পৰা আজিও বিদ্যমান। কিন্তু সময় সলনি হৈছে। সময়ৰ লগে লগে সলনি হৈছে মানুহৰ সৰল মানসিকতা। সেয়েহে চুৰ কৰি নিয়া কাৰ্যবোৰ বৰ্ত্তমান অতি ভয়াবহ হৈ উঠিছে। বিশেষকৈ আজিৰ যুগত একো বস্তুৱেই সুলভ নহয়। ঠিক তেনেদৰে সলভ নহয় আমাৰ সৰল মানসিকতাও। চুৰ নিয়া প্ৰথাটো আগৰ দিনত ধেমালী সদৃশ আছিল। কিন্তু আজিৰ দিনত কেনেবাকে চুৰ কৰি নিয়া জনৰ কথা গৃহস্থই গম পালে কথা বিষম হৈ পৰিব। হয়টো আইনৰ কাষ চাপিব পাৰে। গতিকে যি সকলে নিশা কোনোৰ ঘৰৰ পৰা চুৰ কৰিম বুলি ভাবি আছে সাৱধান হ’বৰ হ’ল। আজিৰ দিনটোত পুৱতি নিশা ককাহঁতে পালন কৰা আন এক পৰম্পৰা কথা এইখিনিতে মনলৈ আহিছে। তমালৰে লাগনি গছবোৰ বন্ধা আৰু মংগল কামনা কৰি তিলেৰে মেজি জ্বলোৱা। আজি সৰু অথবা বৰ মেজিয়েই নজলাওক কিয় আমি বিচাৰিছো আমাৰ সকলোৱে মনৰ অসুয়া অপ্ৰীতি নাশ হওক, চেনেহৰ ভাতৃত্ববোধৰ বান্ধোন ডাল অধিক সুদৃঢ় হওক। তাৰেই কামনা কৰি nefocus.com ৰ ফালৰ পৰা আপোনাক জনাইছো বহু বহু শুভকামনা।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
