আজি ভোগলীৰ বিহুৰ উৰুকা। উৰুকা মানে এই উৰুকা সকলোৰে হেপাঁহৰ উৰুকা । কাৰণ উৰুকা নিশাই প্ৰতিজন অসমীয়াই এসাজ তৃপ্তিৰে গ্ৰহণ কৰে। মাঘ বিহুৰ উৰুকাৰ লগত বহু পৰম্পৰা জড়িত হৈ আছে। পুখুৰী, বিলৰ পৰা মাছ ধৰাৰ পৰা আৰম্ভ কৰি পথাৰৰ নৰা আনি ভেলাঘৰ সজালৈকে অথবা গুৱা পান আৰু মাননী আগবঢ়াই দি মেজি জপালৈকে সকলোতে এক পৰম্পৰা বিৰাজমান হৈ আজিও হৈ আছে। উৰুকা নিশা জেওৰা, কাপোৰ মেলা বাহঁ, বাৰীৰ আলু, কবি, কচু চুৰ কৰা অথবা পশুধন চুৰ কৰি নিয়া পৰম্পৰা আজিও বিদ্যমান। কিন্তু সময় সলনি হৈছে। সময়ৰ লগে লগে সলনি হৈছে মানুহৰ সৰল মানসিকতা। সেয়েহে চুৰ কৰি নিয়া কাৰ্যবোৰ বৰ্ত্তমান অতি ভয়াবহ হৈ উঠিছে। বিশেষকৈ আজিৰ যুগত একো বস্তুৱেই সুলভ নহয়। ঠিক তেনেদৰে সলভ নহয় আমাৰ সৰল মানসিকতাও। চুৰ নিয়া প্ৰথাটো আগৰ দিনত ধেমালী সদৃশ আছিল। কিন্তু আজিৰ দিনত কেনেবাকে চুৰ কৰি নিয়া জনৰ কথা গৃহস্থই গম পালে কথা বিষম হৈ পৰিব। হয়টো আইনৰ কাষ চাপিব পাৰে। গতিকে যি সকলে নিশা কোনোৰ ঘৰৰ পৰা চুৰ কৰিম বুলি ভাবি আছে সাৱধান হ’বৰ হ’ল। আজিৰ দিনটোত পুৱতি নিশা ককাহঁতে পালন কৰা আন এক পৰম্পৰা কথা এইখিনিতে মনলৈ আহিছে। তমালৰে লাগনি গছবোৰ বন্ধা আৰু মংগল কামনা কৰি তিলেৰে মেজি জ্বলোৱা। আজি সৰু অথবা বৰ মেজিয়েই নজলাওক কিয় আমি বিচাৰিছো আমাৰ সকলোৱে মনৰ অসুয়া অপ্ৰীতি নাশ হওক, চেনেহৰ ভাতৃত্ববোধৰ বান্ধোন ডাল অধিক সুদৃঢ় হওক। তাৰেই কামনা কৰি nefocus.com ৰ ফালৰ পৰা আপোনাক জনাইছো বহু বহু শুভকামনা।
Trending
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক
- অসমৰ ২০টা গুৰুত্বপূর্ণ স্থানত বিশেষ মক ড্ৰিল
- পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং, পলিং বিষয়া- কাইলৈ কামৰূপ মহানগৰ জিলাৰ ২৬৬ টা কেন্দ্ৰত ভোটগ্ৰহণ