অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কালি সন্ধিয়া ৫:৩০ বজাত আমবাৰীস্থিত ৰবীন্দ্ৰভৱনৰ প্ৰেক্ষাগৃহত ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমী বঁটা প্ৰাপক অসমৰ যশস্বী মূকাভিনয় শিল্পী (মাইম) মইনুল হকৰ লগতে আন কেইবাগৰাকীও শিল্পীয়ে মূকাভিনয় পৰিবেশন কৰে৷আাজিৰ অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বৰ্তমানৰ সঞ্চালক যাদৱ শইকীয়াই৷প্ৰণিধানযোগ্য যে যোৱা বৰ্ষৰ ২৮ ডিচেম্বৰৰ পৰা এই বৰ্ষৰ ১১জানুৱাৰীলৈ মইনুল হকৰ মুখ্য পৰিচালনাত হোৱা মূকাভিনয় কৰ্মশালাখনিত অসমৰ ভিন্ন ঠাইৰ ২০গৰাকীকৈ মূকাভিনয়ৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল আৰু এই প্ৰশিক্ষাৰ্থীসকলৰ অভিনয়ত “ভইচ অৱ চাইলেন্স” শীৰ্ষক এলানি মূকাভিনয় আজি ৰবীন্দ্ৰভৱনত কলামোদী দৰ্শকৰ বাবে আগবঢ়োৱা হয়৷উল্লেখ্য যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ “মাইম অকাডেমী”ৰ সহযোগত ২০২০চনৰ ২৮ ডিচেম্বৰৰ পৰা ২০২১ বৰ্ষৰ ১১জানুৱাৰীলৈ মইনুল হকৰ মুখ্য পৰিচালনা- নিৰ্দেশনাত সম্পন্ন হোৱা মুকাভিনয়ৰ কৰ্মশালাখনৰ সফল সামৰণিৰ লগত সংগতি ৰাখি আজি অনুষ্ঠিত হোৱা মূকাভিনয় অনুষ্ঠানটিৰ অনুষ্ঠান সমন্বয়ক,বিশিষ্ট নৃত্যশিল্পী ড° অঞ্জনাময়ী শইকীয়াই জানিবলৈ দিয়া মতে যোৱা বৰ্ষৰ ক’ভিড পৰিস্থিতিৰ পাছত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ এনে পদক্ষেপে শিল্পীসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত আৰু মাইম অকাডেমীৰ সহযোগত আয়োজন কৰা কৰ্মশালাখনত নগাঁও গোলাঘাট,বিশ্বনাথ চাৰিআলি,শিৱসাগৰ,ধেমাজি,পাঠশালা,দেৰগাওঁ,গুৱাহাটীৰ মুকাভিনয় প্ৰশিক্ষাৰ্থীসকলক মুখ্য পৰিচালক মইনুল হক প্ৰমুখ্যে মুখ্য সহকাৰী পৰিচালক হিচাপে ৰ’চন(ৰাহুল) হক,ওস্তাদ বিছমিল্লাহ যুৱ বঁটা প্ৰাপক মাইম অকাডেমীৰ ছাত্ৰ কুলদীপ পাটগিৰীয়ে এগৰাকী সমল ব্যক্তি হিচাপে মূকাভিনয়ৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল৷কৰ্মশালাখনৰ সমন্বয়ক হিচাপে আছিল মৃগাংক ডেকা৷কালিৰ “ভইচ অৱ চাইলেন্স” অনুষ্ঠানটিত নৱদীপ বৰা,পাৰ্থ প্ৰতীম হাজৰিকা,ইজাজ আহমেদ,ভাস্কৰজ্যোতি গগৈ,দীপাংকৰ বৈশ্য,অৰ্ণৱ জ্যোতি বৰা,পবিত্ৰ বৰগোহাঁই,মনজিৎ কলিতা,কমল কৃষ্ণ ফুকন,হীৰক জ্যোতি কলিতা,ভাৰ্গৱ ডেকা,জুৰি দাস,জুবিলী হাজৰিকা,সম্প্ৰীতি বৰা,দীপান্বিতা দাস,শৰ্মিষ্ঠা দাস,অৰ্চনা শৰ্মা,চিম্পী বৰা আদি ১৮গৰাকী মূকাভিনয় শিল্পীয়ে অভিনয় প্ৰদৰ্শন কৰে৷ৰতন দাসৰ সংগীত পৰিচালনা তথা কানু চৌধুৰী আলোকসম্পাতৰে সম্পন্ন হোৱা মনোগ্ৰাহী অনুষ্ঠান”ভইচ অব চাইলেন্সৰ সহকাৰী পৰিচালক আছিল ৰাহিল ৰিজৱি৷
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ