গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিয়ালত সংযোজিত হোৱা নৱাগত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলক বিশ্ববিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ, মূল্যবোধ আৰু দায়িত্বৰ সৈতে চিনাকি কৰাই দিয়াৰ উদ্দেশ্যেৰে আজি বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত বিশেষ কাৰ্যসূচীৰে কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান সম্পন্ন হয়। বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হোৱা উক্ত অনুষ্ঠানত উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই শিক্ষাৰ্থীসকলক সমালোচনামূলক চিন্তা, সমস্যা সমাধানৰ দক্ষতা, ব্যৱহাৰিক জ্ঞান আৰু সৃষ্টিশীলতাক নিজৰ শিক্ষাৰ অবিচ্ছেদ্য অংশ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত অৱসৰপ্ৰাপ্ত আই.পি.এছ. বিষয়া হীৰেন চন্দ্ৰ নাথে শিক্ষাৰ্থীসকলক আত্মবিশ্বাস, অধ্যৱসায় আৰু দায়িত্ববোধক জীৱনৰ সফলতাৰ অন্যতম আধাৰ হিচাপে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অসম গৌৰৱ বঁটা প্ৰাপক, বিশিষ্ট উদ্যোগপতি অনুপম ডেকাই শিক্ষাৰ্থীসকলক দক্ষতা আহৰণ কৰি উদ্ভাৱনী চিন্তা আৰু উদ্যোগী মানসিকতাৰে আত্মনিৰ্ভৰশীলতাৰ দিশে আগুৱাই যাবলৈ আহ্বান জনায়। তেওঁ শিক্ষাৰ্থীসকলক সময়ৰ সৈতে খাপ খুৱাই নতুন দক্ষতা আয়ত্ত কৰাৰ লগতে নিজৰ প্ৰতিভা আৰু সম্ভাৱনাক চিনাক্ত কৰি নতুন সুযোগ সৃষ্টি কৰিবলৈ উৎসাহিত কৰে।
Trending
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ
- কৰ্কট ৰোগৰ গৱেষণা – অধ্যয়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত এম এছ চি পাঠ্যক্ৰম – বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি
- NSE empanels Augmont as key partner for promotion of Electronic Gold Receipts (EGR)
- তামুলপুৰত জিলা স্বাস্থ্য সমিতিৰ সভা
- এয়াৰটেলে এপল টিভি আৰু এপল আৰ্কেড-ৰ সৈতে এপল-ৰ নতুনকৈ সম্প্ৰসাৰিত আইক্লাউড+ সংযোজন কৰি নিজৰ পোষ্টপেইড সেৱা অধিক উন্নত কৰিছে
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন