ক’ভিড-১৯ৰ ভেকচিন অসমলৈ আহিল

0 346

অৱশেষত প্ৰতীক্ষাৰ অন্ত পৰিল। মঙলবাৰে এখন স্পেটজেট যোগে কভিড১৯ ভেকচিন অসমলৈ আহিল।জানিব পৰা মতে ২লাখ ১৫হাজাৰ ভেকচিন অসমলৈ আহিছে।
উল্লেখযোগ্য যে বিশেষ স্পেটজেটযোগে দেশৰ বিভিন্ন চহৰলৈ একাধিক বিমান যোগে মঙলবাৰে প্ৰায় ১১ টন ওজনৰ ৪ নিযুত ক’ভিড ভেকচিন পৰিবহণ কৰা হৈছে।এই চহৰবোৰৰ ভিতৰত আছে গুৱাহাটী,কলকাতা, হায়দৰাবাদ,ভুৱনেশ্বৰ, বেংগলুৰ,পাটনা,দিল্লী আৰু বিজয়বাড়া ।
স্পটজেটৰ অধ্যক্ষ আৰু পৰিচালন নিৰ্দেশক অজয় সিঙে এই বিষয়ে কয় যে আমাৰ দেশৰ বাবে এয়া এক ঐতিহাসিক দিন আৰু এই যুঁজ দ্ৰুত,সম্পূৰ্ণ আৰু নিৰাময়ৰ জৰিয়তে বিজয়ৰ প্ৰয়াস কৰা হৈছে বুলি মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.