বিগত কেইবাবছৰ ধৰি ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্রত কাম কৰি অহা কনজুমাৰ ভয়চ, দিল্লী আৰু কনজুমাৰ্চ লিগেল প্ৰটেকশ্যন ফ’ৰাম, অসমে আজি গুৱাহাটীৰ দিছপুৰস্থিত হোটেল ৰিভিয়েৰাত ‘বিগ টবেক’ : টাইনী টাৰ্গেটছ ষ্টাডী’ শীৰ্ষক এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰে। কৰ্মশালাখনৰ উদ্দেশ্য আছিল যুৱপ্ৰজন্মক ধঁপাতৰ ভয়াৱহতাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি। গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে কৰ্মশালাখন উদ্বোধন কৰে। উদ্বোধনী ভাষণত ডাঃ কটকীয়ে কয় যে পৌৰ নিগম কৰ্তৃপক্ষ সমূহে ২০১৭ চনৰ ২১ ছেপ্টেম্বৰৰ গৃহ আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ পৰামৰ্শ আৰু ২০১৮ চনৰ ২৮ ছেপ্টেম্বৰৰ মিনিষ্ট্ৰী অৱ হাউছিং এণ্ড আৰবান প’ভাৰ্টী এলিভিয়েশ্যনৰ পৰামৰ্শ ৰূপায়ন কৰিব লাগে, যাতে ধঁপাত বিক্রেতাসকলক অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত সুব্যৱস্থা তথা নিয়ন্ত্ৰণ কৰিব পাৰি। ধঁপাত বিক্রেতাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰৱৰ্তন ব্যৱস্থাই যুৱপ্ৰজন্মক ধঁপাতৰ প্ৰতি আসক্তি কমোৱাত সহায় কৰিব, কাৰণ ‘কটপা’ উলংঘন হলে বিক্রেতাৰ অনুজ্ঞাপত্ৰ বাতিল বা নিলম্বিত কৰাৰ ক্ষেত্ৰত সুযোগ থাকে। পৌৰ নিগম কৰ্তৃপক্ষই সেইবিলাক দোকানক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে, যিবিলাক দোকানে বিশেষকৈ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰে, যাতে শিশুসকলে সাধাৰণ দোকানৰ পৰা সেই সামগ্ৰীবিলাকৰ সংস্পৰ্শ লাভ নকৰে। শিক্ষা প্ৰতিষ্ঠানৰ পৰা দূৰত থকা দোকানসমূহক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে। অনুষ্ঠানত কনজুমাৰ্চ লিগেল প্ৰটেকশ্যন ফ’ৰাম, অসমৰ সচিব তথা অধিবক্তা অজয় হাজৰিকাই শেহতীয়াকৈ অসমৰ তিনিখন চহৰত (গুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড়) ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰা দোকানসমূহৰ ওপৰত কৰা ‘বিগ টবেক’ : টাইনী টাৰ্গেটছ’ শীৰ্ষক সমীক্ষাৰ মূল বিষয়কেইটা আলোকপাত কৰে। তেওঁ কয় যে অসমত শিক্ষা প্ৰতিষ্ঠানৰ ১০০ গজ দূৰত্বৰ ভিতৰত ৯৭ খন দোকানত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰা বুলি সমীক্ষাত স্পষ্ট হৈছে। সমীক্ষাটোৰ মতে অসমত ৩৬.০৮ শতাংশ ফিলিপ মৰিছ ইণ্টাৰনেচনেল, ৪.১২ শতাংশ ব্ৰিটিছ আমেৰিকান ধঁপাতজাতীয় সামগ্ৰী আৰু ৯৩.৮১ শতাংশ ইম্পেৰিয়েল টবেক’ কোম্পানী অৱ ইণ্ডিয়া লিমিটেডৰ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী হয়, যিটো আটাইতকৈ জনপ্ৰিয় ভাৰতীয় কোম্পানী। ৯৫.৮৮ শতাংশ দোকানত ধঁপাতজাতীয় সামগ্ৰী শিশুৱে দেখা পোৱাকৈ ৰখা হয় (১ মিটাৰ উচ্চতাত)। ৭২.১৬ শতাংশ দোকানত চিগাৰেটৰ স্বাস্থ্য সম্বন্ধীয় সতৰ্কীকৰণ জাননী নেদেখাকৈ ৰখা হয়। শিশুসকল আকৰ্ষিত হোৱাকৈ ৯০.৭২ শতাংশ দোকানত চিগাৰেট চকলেট বা মিঠাইজাতীয় সামগ্ৰীৰ ওচৰত ৰখা হয়। ৮৫.৫৭ শতাংশ দোকানত এটাকৈ চিগাৰেট বিক্ৰী হয়। কৰ্মশালাত অসমৰ ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষৰ ৰাজ্যিক নডেল বিষয়া ডাঃ অৰুন্ধতী ডেকা, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ প্ৰগ্ৰেম মেনেজাৰ ডাঃ সুব্ৰত চন্দ, ইউ এছ টি এমৰ ছ’চিয়েল ৱৰ্ক বিভাগৰ মুৰব্বী অধ্যাপক ডঃ গিৰিমল্লিকা শৰ্মা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱসায়ীক প্ৰতিনিধি গণেশ পণ্ডিতে ‘কটপা’ অধিক শক্তিশালী আৰু কাৰ্যকৰীকৰণ তথা ধঁপাত বিক্রেতাৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ নিয়ম আৰম্ভ কৰি কেনেকৈ যুৱপ্ৰজন্মক ধঁপাতজাতীয় সামগ্ৰীৰ পৰা দূৰত ৰাখিব পাৰি, সেই বিষয়ে মূল্যবান পৰামৰ্শ আগবঢ়ায়। কৰ্মশালাত বিভিন্ন ব্যৱসায়িক সংগঠনৰ প্ৰতিনিধি, স্বাস্থ্য বিশেষজ্ঞ আৰু চিকিৎসক, স্বাস্থ্য বিষয়া আৰু ধঁপাত নিয়ন্ত্ৰণ কোষ, অভিভাৱক, শিক্ষক সংস্থা, শিক্ষা প্ৰতিষ্ঠান আৰু পৌৰ নিগমৰ বিষয়া, সামাজিক অনুষ্ঠান, সংবাদকৰ্মী, ধঁপাত নিয়ন্ত্ৰণ আৰু গ্ৰাহক সুৰক্ষা কৰ্মী তথা যুৱপ্ৰজন্মৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ