টীয়কৰ পৰ্বতীয়া গাঁৱৰ পংকজ বৰুৱা নামৰ এগৰাকী সংস্কৃতিবান যুৱকৰ অশেষ পৰিশ্ৰম আৰু অঞ্চলটোৰ কেইবাজনো উদীয়মান যুৱকৰ প্ৰচেষ্টাত কালি এক আধ্যাত্মিক পৰিবেশত এটি সাংস্কৃতিক কলা কৃষ্টি কেন্দ্ৰৰ দ্বাৰ আনুষ্ঠানিকভাৱে ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীয়ে এক গুৰু গাম্ভীৰ্য পৰিবেশত মুকলি কৰে।উল্লেখযোগ্য যে ক`ভিড মহামাৰী ৰোধৰ ক্ষেত্ৰত চৰকাৰে ঘোষণা কৰা লক ডাউনৰ দীৰ্ঘ সময়ছোৱাত বৰুৱাই নিজৰ গৃহতে স্থানীয় শতাধিক ছাত্ৰ ছাত্ৰীক ক`ভিডৰ সকলো নীতি নিৰ্দেশনা অৱলম্বন কৰি গুৰু দুজনাৰ অমৰ সৃষ্টি বৰগীত,দিহানাম,নেগাৰা,খোল আদিৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল।পৰৱৰ্ত্তী সময়ত উক্ত ছাত্ৰ ছাত্ৰী সকলক লৈ সমগ্ৰ অসমতে বিভিন্ন অনুষ্ঠানত পৰিবেশন কৰি শ্ৰুতা দৰ্শকৰ বিপুল সমাদৰ বুটলিবলৈ সক্ষম হৈছিল , আৰু স্বীকৃতিপ্ৰাপ্ত গায়ন বৰুৱাই এইসকল ছাত্ৰ ছাত্ৰীৰ প্ৰশিক্ষণ অনাগত দিনত অব্যাহত ৰখাৰ লগতে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ উঠি অহা প্ৰজন্মক আধ্যাত্মিক শিক্ষা প্ৰদানৰ অৰ্থে নিজা গৃহতে তেওঁৰ মাতৃৰ নামেৰে কুঞ্জ কানন কেন্দ্ৰ স্থাপন কৰি অহৰহ ছাত্ৰ ছাত্ৰী সকলক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।উদীয়মান যুৱকজনৰ এই পদক্ষেপক সকলো ৰাইজে আদৰণি জনাইছে।
Trending
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon