টীয়কৰ পৰ্বতীয়া গাঁৱৰ পংকজ বৰুৱা নামৰ এগৰাকী সংস্কৃতিবান যুৱকৰ অশেষ পৰিশ্ৰম আৰু অঞ্চলটোৰ কেইবাজনো উদীয়মান যুৱকৰ প্ৰচেষ্টাত কালি এক আধ্যাত্মিক পৰিবেশত এটি সাংস্কৃতিক কলা কৃষ্টি কেন্দ্ৰৰ দ্বাৰ আনুষ্ঠানিকভাৱে ঐতিহাসিক আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীয়ে এক গুৰু গাম্ভীৰ্য পৰিবেশত মুকলি কৰে।উল্লেখযোগ্য যে ক`ভিড মহামাৰী ৰোধৰ ক্ষেত্ৰত চৰকাৰে ঘোষণা কৰা লক ডাউনৰ দীৰ্ঘ সময়ছোৱাত বৰুৱাই নিজৰ গৃহতে স্থানীয় শতাধিক ছাত্ৰ ছাত্ৰীক ক`ভিডৰ সকলো নীতি নিৰ্দেশনা অৱলম্বন কৰি গুৰু দুজনাৰ অমৰ সৃষ্টি বৰগীত,দিহানাম,নেগাৰা,খোল আদিৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল।পৰৱৰ্ত্তী সময়ত উক্ত ছাত্ৰ ছাত্ৰী সকলক লৈ সমগ্ৰ অসমতে বিভিন্ন অনুষ্ঠানত পৰিবেশন কৰি শ্ৰুতা দৰ্শকৰ বিপুল সমাদৰ বুটলিবলৈ সক্ষম হৈছিল , আৰু স্বীকৃতিপ্ৰাপ্ত গায়ন বৰুৱাই এইসকল ছাত্ৰ ছাত্ৰীৰ প্ৰশিক্ষণ অনাগত দিনত অব্যাহত ৰখাৰ লগতে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ উঠি অহা প্ৰজন্মক আধ্যাত্মিক শিক্ষা প্ৰদানৰ অৰ্থে নিজা গৃহতে তেওঁৰ মাতৃৰ নামেৰে কুঞ্জ কানন কেন্দ্ৰ স্থাপন কৰি অহৰহ ছাত্ৰ ছাত্ৰী সকলক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।উদীয়মান যুৱকজনৰ এই পদক্ষেপক সকলো ৰাইজে আদৰণি জনাইছে।
Trending
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত