ক’ভিড মহামাৰীৰ পৰা বৰঝাৰ বিমান বন্দৰত কৰ্মৰত বিষয়া – কৰ্মচাৰীৰ লগতে বিমান বন্দৰত কৰ্মৰত বিভিন্ন বিমান সেৱাৰ কৰ্মচাৰী , তেওঁলোকৰ পৰিয়ালৰ লোক সকলক ৰক্ষা কৰিবৰ বাবে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলে আৰম্ভণিৰ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । আনকি এমাহ পূৰ্বে প্ৰথম পৰ্যায়ৰ টীকাকৰণ পৰ্ব সমাপ্ত হোৱাৰ পাছত ৩ মে’ৰ পৰা গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদত কৰ্মৰত আৰু ১৮ বছৰ বয়সৰ উৰ্ধৰ সকলো বিষয়া কৰ্মচাৰীৰ বাবে দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ শিবিৰ আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন , অসমৰ সহযোগত অনুষ্ঠিত শিবিৰত প্ৰথম দিনটোতে প্ৰাধিকৰণৰ বিষয়া – কৰ্মচাৰীকে ধৰি তেওঁলোকৰ পৰিয়ালৰ সদস্যসহ প্ৰায় ১,২০০ জনে টীকাকৰণৰ বাবে নাম পঞ্জীয়ন কৰে । ইয়াৰ ভিতৰত ৩ মে’ৰ দিনটোত সন্ধিয়ালৈ প্ৰায় ৬০০ জনক ক’ভিডৰ দ্বিতীয়টো টীকাকৰণ কৰা হয় । আনহাতে এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰে কয় দেশত সম্প্ৰতি বিভীষিকাৰ সৃষ্টি কৰা ক’ভিড মহামাৰীৰ বিৰুদ্ধে চলি থকা যুজঁখনত আমি যিকোনো মূল্যৰ বিনিময়ত জয়লাভ কৰিবই লাগিব । তাৰ বাবে এই টীকাকৰণ শিবিৰ অনুষ্ঠিত কৰা হৈছে বুলি ব্যক্ত কৰি ইয়াত নাম পঞ্জীয়ন কৰা সকলোকে টীকা প্ৰদান কৰা হব বুলি ৰমেশ কুমাৰে ব্যক্ত কৰে । উল্লেখযোগ্য যে বিগত সময়চোৱাত বৰঝাৰ বিমান বন্দৰত কৰ্মৰত ভালে কেইজন বিষয়া – কৰ্মচাৰী , অভিযন্তা ক’ভিডত আক্ৰান্ত হৈছে । ইয়াৰে বেছিভাগেই সুস্থ হৈ পৰৱৰ্তী সময়ত পুনৰ কামত যোগদান কৰাৰ বিপৰীতে আন কেবাজনো এতিয়াও হোম আইছ’লেছনত আছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram