পৰিৱেশৰ প্ৰতি সৰ্বসাধাৰণ ৰাইজ তথা কণ-কণ শিশুসকলৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে শিশু শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান বেলিকিডছ এডুকেয়াৰ বৰিহাটে কালি শিক্ষা প্ৰতিষ্ঠানখনৰ প্ৰাঙ্গনত ৰূপায়ণ কৰে এক বিশেষ কাৰ্যসূচী ।আমাৰ পৰিৱেশ আমাৰ ভৱিষ্যত-শীৰ্ষক অনুষ্ঠানটিত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ লগতে উপস্থিত থাকে প্ৰতিষ্ঠানখনৰ অভিভাৱকৰ আৰু কেইবাগৰাকীও নেতৃত্বস্থানীয় ব্যক্তি ।সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি আয়োজন কৰা এই অনুষ্ঠানত ঝাৰোবড়ী আঞ্চলিক হাইস্কুলৰ শিক্ষয়িত্ৰী ৰেখামণি কলিতাই বৃক্ষৰোপন কৰাৰ লগতে ভাষণ প্ৰদান কৰে অভিভাৱকৰ লগতে কিশলয় বিদ্যাপীথ ,দিশপুৰৰ শিক্ষক দীপ কুমাৰ চৌধুৰী আৰু কামৰূপ জাতীয় বিদ্যালয়,মিৰ্জাৰ শিক্ষক স্বাধীন দাসে ।অনুষ্ঠানত সঞ্চালক ৰত্ন দাসে এটা গছপুলিৰ ৰোপণ আৰু প্ৰতিপালনৰ কচৰতে কেনেকৈ শিশুৰ মানসিক- সামাজিক বিকাশৰ লগতে চৰিত্ৰ গঠনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে সেই বিষয়ে অৱগত কৰে ।এই কাৰ্যসূচীৰ অধীনত অঞ্চলটোৰ দুই শতাধিক লোকৰ মাজত গছপুলি বিতৰণ কৰা হয় । বেলিকিডছৰ পৰিচালন সঞ্চালক মীনাক্ষী চৌধুৰীয়ে অনুষ্ঠানটি আঁত ধৰে । অনুষ্ঠানটিত সহযোগিতা আগবঢ়াই স্পৰ্শ-অসম নামৰ এটি বেচৰকাৰী প্ৰতিষ্ঠানে ।উল্লেখযোগ্য যে প্ৰতিবছৰে বেলিত অধ্যয়নৰত শিশুসকলৰ ওপজা দিনত প্ৰতিষ্ঠানখনে একোটিকৈ গছপুলি প্ৰদান কৰি আহিছে ।
Trending
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী