মানুহে মানুহৰ বাবে যদিহে অকণো নাভাৱে। সুধাকন্ঠৰ এই গীতৰ মৰ্ম উপলদ্ধি কৰিয়েই কালি জালুকবাৰীস্থিত শিশু গৃহত উপস্থিত হ’ল তিনিটাকৈ সংগঠন। সংগঠন কেইটাৰ প্ৰচেষ্টাত শিশু সকলৰ মাজত খাদ্য সামগ্ৰী লগতে মাস্ক,ছেনিটাইজাৰ আৰু কিতাপৰ টোপোলা বিতৰণ কৰা হয়।লগতে ক’ভিডকালীন সময়ত জনসজাগতামূলক কাৰ্যসূচীও ৰূপায়ণ কৰে। কাৰ্যসূচীত উপস্থিত থাকি এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াই কয় যে সমগ্ৰ দেশতে ক’ৰনা মহামাৰী গ্ৰাসৰ ফলত দেশৰ অৰ্থনীতি অৱস্থা নিম্নগামী হৈছে।ঠিক সেইদৰে বিপৰ্য্যয় আহিছে শিশুগৃহলৈ।এই শিশু গৃহ বহু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছিল আৰু তাৰে সহযোগ বিচাৰি অহা ফোনকলৰ আঁত ধৰি আমি অনুষ্ঠান ৰূপায়ন কৰিলো।অনাগত দিনটো এনেধৰণৰ কাৰ্যসূচী অংশীদাৰ হৈ যাম।এই কাৰ্যসূচীত মৰমলেণ্ড ৱেলফেয়াৰ ছ’চাইটিৰ মৰম কুমাৰ আৰু সম্প্ৰীতি সেৱা ফাউণ্ডেশ্যনৰ দুজন প্ৰতিনিধি আৰু শিশুগৃহ সমূহ কৰ্মকর্তা উপস্থিত থাকে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি