আজি দিল্লী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে দেবাংগনা কলিতাক

0 236

অৱশেষত জামিন পালে দেবাংগনা কলিতাই৷ দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন৷ এবছৰৰো অধিক কাল কাৰাগাৰত বন্দিত্বৰ জীৱন কটাইছে দেবাংগনাই৷ দেবাংগনাৰ লগতে আন দুজন ক্ৰমে আছিফ ইকবাল আৰু নাতাছা নাৰৱালৰো জামিন মঞ্জুৰ কৰে ন্যায়ালয়ে। দিল্লীত কা আন্দোলনত অংশগ্রহণ কৰাৰ পাছতেই বিগত বৰ্ষৰ মে’ মাহত গ্ৰেপ্তাৰ হৈছিল দেবাংগনা কলিতা। তিহাৰ জে’লত বন্দী হৈ আছিল অসমৰ দেবাংগনা কলিতা।
UAPA আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল দেবাংগনাক৷ বিগত ২০২০ৰ মে’ মাহৰ পৰা তিহাৰ জে’লত আছিল অভিযুক্ত ছাত্ৰ-ছাত্ৰী কেইগৰাকী। আছিফ ইকবাল জামিয়া মিলিয়া ইছলামীয়াৰ স্নাতক মহলাৰ ছাত্ৰ হোৱাৰ বিপৰীতে দেৱাংগনা আৰু নাতাছা জেএনইউৰ গৱেষিকা৷ ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু অনুপ জে ভামভামিৰ দুজনীয়া বিচাৰপীঠে মঞ্জুৰ কৰে জামিন ৷ অধিবক্তা এছ পূজাৰী, তুচাৰিকা মটো আৰু কুনাল নেগীয়ে দেবাংগনা আৰু নাতাছাৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল।

Leave A Reply

Your email address will not be published.