শিৱসাগৰ জিলাৰ গৰাখহনীয়া হোৱা স্থান পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

0 217

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি শিৱসাগৰ জিলাত উপস্থিত হৈ জিলাখনৰ বিভিন্ন স্থানৰ মথাউৰি আৰু গৰাখহনীয়াৰ কবলত পৰা স্থান সমূহ পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোত নদীৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন কামকাজৰ বুজ লয় । মন্ত্ৰী গৰাকীয়ে থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাইবিলৰ মথাউৰিত দিহিং নৈৰ আৰু কোঁৱৰগাঁৱৰ মথাউৰিত দিচাং নৈৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে শিৱসাগৰ বিধানসভা সমষ্টিৰ দিচাংমুখ অঞ্চলৰ অফলাত ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰাৰ লগতে বান তথা গৰাখহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে গ্রহণ কৰা ব্যৱস্থাৱলীৰো বুজ লয় ।
মন্ত্ৰী গৰাকীয়ে প্ৰয়োজন সাপেক্ষে অধিক শ্ৰমিক নিয়োগ কৰি খহনীয়া প্ৰতিৰোধী কাম খৰতকীয় কৰাৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ কামৰ গুণগত মানদণ্ড বজাই ৰখাৰ লগতে চৰকাৰী পুঁজিৰ সদব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
কোঁৱৰগাঁৱৰ মথাউৰিৰ খহনীয়া পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে জলসম্পদ আৰু জলসিঞ্চন বিভাগে আলোচনা মৰ্মে মথাউৰিৰ কাষৰ পৰা দিচাং নৈত থকা জলসিঞ্চন বিভাগৰ বার্জ টো নিৰাপদ স্থানত আঁতৰাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে।
অফলাৰ খহনীয়া পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ প্ৰয়োজন সাপেক্ষে অধিক জিঅ’ বেগ ব্যৱহাৰ কৰিবলৈ কয়।
জিলাখনৰ যিবোৰ স্থান অধিক ভাবে খহনীয়াৰ কবলত পৰিছে তেনে স্থান সমূহত যুদ্ধকালীন ক্ষিপ্রতাৰে খহনীয়া প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিবলৈ মন্ত্রী হাজৰীকাই জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে ।
আগন্তুক বাৰিষাৰ সময়ত অঞ্চলটোত যাতে বানপানীয়ে অধিক ক্ষতি সাধন কৰিব নোৱাৰে তাৰ বাবেও উপযুক্ত প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাৰ বাবে মন্ত্ৰী হাজৰীকাই জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে ।
মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শন কালত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰা, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী, জলসম্পদ বিভাগৰ উজনি অসমৰ অতিৰিক্ত মুখ্য অভিযন্তা আইভী গোহাঁই দাসগুপ্তা, অধীক্ষক অভিযন্তা প্ৰবীণ ভূঞা, কাৰ্যবাহী অভিযন্তা উৎপল মজুমদাৰ, শিৱসাগৰ উপ-সংগমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা চন্দন বৰপাত্ৰ গোহাঁই, সহকাৰী অভিযন্তা ভাস্কৰ জ্যোতি কলিতা, বিশিষ্ট সমাজ কৰ্মী সুৰভি ৰাজকোঁৱৰীৰ লগতে বিভাগীয় আন বিষয়াসকল উপস্থিত থাকে।
বাতৰি যুগুতালে শিৱসাগৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.