যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ সভাপতিত্বত আজি আৱৰ্ত্ত ভৱনৰ সভাকক্ষত জিলাখনত ক’ভিড সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ল’বপৰা ব্যৱস্থাৱলীৰ সন্দৰ্ভত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়৷সভাত আৰক্ষী অধীক্ষক অংকুৰ জৈন, অতিৰিক্ত উপায়ুক্তসকল, সকলো প্ৰশাসনিক বিষয়া,আৰক্ষী বিষয়া সকল, সহকাৰী আয়ুক্তসকল, থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকল উপস্থিত থাকে৷জিলাখনত ক’ভিড সংক্ৰমণ সম্পূৰ্ণৰূপে ৰোধ কৰাৰ বাবে কাইলৈৰ পৰা ক’ভিড প্ৰট’কল ভঙ্গকাৰীৰ বিৰুদ্ধে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব জিলা আৰু আৰক্ষী প্ৰশাসনে৷ সভাত জিলা উপায়ুক্তই সকলোকে অধিক ক্ষীপ্ৰতাৰে নিজ নিজ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ৷ যোৰহাটত অহা দুদিন সম্পূৰ্ণ লকডাউন দিয়াৰ বিষয়ে জিলা উপায়ুক্তই উল্লেখ কৰি কয় যে অনাহকত কোনো লোক বাহিৰলৈ যাব নোৱাৰিব, কেৱল জৰুৰীকালীন সেৱাসমূহহে চলি থাকিব যদিও এইক্ষেত্ৰত সঠিক প্ৰমান পত্ৰ লগত লৈ যাব লাগিব৷ আনহাতে প্ৰাতঃ ভ্ৰমণ আৰু সান্ধ্য ভ্ৰমণৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে৷ ইয়াৰোপৰি কাইলৈ যোৰহাট জিলাত আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীয়ে যোৰহাট জিলাৰ কিছু অঞ্চলত তহল দিব আৰু কন্টেইনমেন্ট জ’ন সমূহত ড্ৰোন কেমেৰাৰ দ্বাৰা নিৰীক্ষণ কৰাৰ বিষয়ে আৰক্ষী অধীক্ষকে অৱগত কৰে৷
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram