সৰ্বানন্দ সোণোৱালক পুনৰ প্ৰধানমন্ত্ৰী মোডীয়ে দিলে আন এক গুৰুত্বপূৰ্ণ দায়িত্ব

0 216

সৰ্বানন্দ সোণোৱালক পুনৰ প্ৰধানমন্ত্ৰী মোডীয়ে দিলে আন এক গুৰুত্বপূৰ্ণ দায়িত্ব।কেন্দ্ৰীয় মন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণৰ পিছতে মোদী মন্ত্ৰীসভাৰ আন এক গুৰুত্বপূৰ্ণ দায়িত্বভাৰ অৰ্পণ কৰা হৈছে আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক।নৰেন্দ্ৰ মোডী মন্ত্ৰীসভাৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালক।সৰ্বানন্দ সোণোৱালৰ উপৰিও কেবিনেট কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে কেইবাগৰাকীও যুৱ কেবিনেট মন্ত্ৰীক।সোণোৱালৰ লগতে এই কমিটিত আছে পৰিবেশ আৰু শ্ৰম মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱ্য আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং।উল্লেখযোগ্য যে,উত্তৰ-পূবৰ আন এগৰাকী দক্ষ মন্ত্ৰী,আইন মন্ত্ৰী কিৰেন ৰিজিজুকো প্ৰথমবাৰৰ বাবে ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে।এই আটাইকেইটা বিভাগৰ মন্ত্ৰীক প্ৰথমবাৰৰ বাবে ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে।

Leave A Reply

Your email address will not be published.