মহানগৰীৰ গড়চুক আৰচিক্ষী থানাৰ গাওৰক্ষী বাহিনী আৰু নাগৰিক কমিটিৰ যৌথ উদ্যোগত কালি বিয়লি থানা চৌহদত এখন ক’ভিড ১৯ ৰ সজাগতা সভা অনুষ্ঠিত হয় । গড়চুক থানাৰ নাগৰিক কমিটিৰ কাৰ্যকৰী সভাপতি ব্ৰজেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত থানা এলেকাৰ বজাৰ কমিটি , ব্যৱসায়ী সংস্থা , গাওৰক্ষী বাহিনী , নাগৰিক কমিটিৰ প্ৰায় ৩০ জন প্ৰতিনিধি উপস্থিত থাকে । আনহাতে সভাৰ উদ্দেশ্য বাখ্যা কৰি গড়চুক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসে বৰ্তমান ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে সকলোকে ক’ভিড বিধি বা এছ অ পি মানি চলিবলৈ আহবান জনায় । তেনেদৰেই কামৰূপ মহানগৰ জিলাৰ স্বাস্থ্য বিভাগৰ দুই বহুমুখী স্বাস্থ্যকর্মীদ্বয় নীৰেন্দ্ৰ মালাকাৰ আৰু ধৰ্মেন্দ্ৰ ডেকাই ৰাইজৰ মাজত সজাগতা অবিহনে ক’ভিডক নিয়ন্ত্ৰণ কৰিবলৈ সম্ভৱ নহয় বুলি ব্যক্ত কৰে আৰু জনসমাগম হোৱা স্থানৰে পৰা সকলোকে আঁতৰি থাকিবলৈ আহ্বান জনায় । সভাত ক’ভিড বিধি মানি চলা, ব্যবসায়ী সকলক ন মাস্ক ন চেল নীতি মানি চলিবলৈ আহ্বান জনায়।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক