জাগীৰোডৰ বিপুল সৰকাৰ নামৰ যুৱকজনে বাইক চলাই এসপ্তাহৰ ভিতৰত সমগ্ৰ বাংলাদেশ ভ্ৰমণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে । উল্লেখ্য যে বিপুল সৰকাৰে হ’ল প্ৰথমগৰাকী ভাৰতীয় যিয়ে এনেদৰে সাত দিনৰ ভিতৰত বাইক চলাই এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে ।অসমৰ এই গৰাকী যুৱকক উৎসাহ জনোৱাৰ উদ্দেশ্যে বাংলাদেশৰ চিটিজি বাইকাৰ ক্লাৱৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জনায় । বাইকাৰ্চ জনে অনাগত দিনত বাইক ৰাইডিঙৰ জৰিয়তে অসম পৰ্যটনৰ হৈ কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে। বিপুলে কয় যে সমগ্ৰ বাংলাদেশ বাইকেৰে ভ্ৰমণ কৰা তেওঁ প্ৰথম ভাৰতীয়। এই ভ্ৰমণ কাৰ্যসূচী সাতদিনীয়া আছিল। মোৰ ভ্ৰমণ ১৯ জুলাইত আৰম্ভ কৰি ২৬ জুলাইত সমাপ্ত হৈছিল।বাংলাদশ CTG ৰাইডিং কমিনিউটিৰ তৰফৰ পৰা সম্বৰ্ধনা আৰু সন্মান জনোৱা হৈছিল।
Trending
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ