সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান পৰিদৰ্শন কৰি বিশ্বৰ প্ৰথমটো আয়ুৰ্বেদ বায়’ বেংক স্থাপনৰ আশ্বাস-সৰ্বানন্দ সোণোৱাল

0 181

কেন্দ্ৰীয় আয়ুৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু একে বিভাগৰে ৰাজ্যিক মন্ত্ৰী মুঞ্জাপাৰা মহেন্দ্ৰভাইয়ে আয়ুৰ্বেদ প্ৰতিষ্ঠান পৰিদৰ্শন কৰি এটা বহুমুখী যোগ ভৱন আৰু এটা ক্ষুদ্ৰ প্ৰেক্ষাগৃহ মুকলি কৰে।দুয়োগৰাকী মন্ত্ৰীয়ে প্ৰতিষ্ঠানটোৰ কাম কাজৰ ভূয়সী শলাগ লয় আৰু প্ৰতিষ্ঠানটোক বিশ্বৰ ভিতৰতে অগ্ৰণী আয়ুৰ্বেদ অনুষ্ঠান ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সহায় হাত আগবঢ়াই যাব বুলি আশ্বাস প্ৰদান কৰে।প্ৰতিষ্ঠানটোৰ ভৱিষ্যত পৰিকল্পনাক উচ্চ প্ৰশংসা কৰি সৰ্বানন্দ সোণোৱালে এই প্ৰতিষ্ঠানটোত বিশ্বৰ প্ৰথমটো আয়ুৰ্বেদ বায় বেংক স্থাপন কৰাৰ বাবে সকলো প্ৰকাৰৰ সহায় আগবঢ়াব বুলি উল্লেখ কৰে।
এই পৰিদৰ্শন কালত দুয়োগৰাকী মন্ত্ৰীক প্ৰতিষ্ঠানটোৰ বিভিন্ন সুবিধা সমূহ দেখুৱা হয় আৰু দুয়োৱে এই সুবিধা সমূহ বিশেষ বুজ লয় ।সৰ্বানন্দ সোনোৱালে প্ৰতিষ্ঠানটোৰ সঞ্চালক ডাঃ তনুজা নেচাৰিক বৈজ্ঞানিক অনুসন্ধান লগতে গৱেষণা সুফলসমূহ সকলো স্তৰৰ লোকৰ বাবে যাতে নিজ নিজ ভাষাত উপলব্ধ হয় তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।সৰ্ব ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানত আগবঢ়োৱা চিকিৎসা প্ৰশংসা কৰি ৰাজ্যিক মন্ত্ৰী গৰাকীয়ে সংযুক্ত আৰু পূৰ্ণাংগ চিকিৎসা সেৱা প্ৰদানৰ দিশত মনোনিবেশ কৰিবলৈ পৰামৰ্শ আগবঢ়াই।দুয়োগৰাকী মন্ত্ৰীয়ে প্ৰায়বোৰ গুৰুত্বপূৰ্ণ বিভাগ পৰিদৰ্শন কৰে আৰু চিকিৎসা সেৱা তথা গৱেষণা সুবিধা সমূহৰ বিষয়ে শিক্ষক আৰু শিক্ষাৰ্থী সকলৰ সৈতে বিস্তৃত ভাৱে মত বিনিময় কৰে।এই প্ৰতিষ্ঠানৰ বিশেষত্ব শিশুৰ পঞ্চকৰ্ম আৰু নেত্ৰ পঞ্চকৰ্ম বিশেষ শলাগ লয়।দুয়োৱে আয়ুৰ্বেদিক দত্ত গোটৰ লগতে আয়ুৰ্বেদিক অস্ত্ৰোপচাৰ গোটৰ বুজ লয়।তদুপৰি সৰ্বানন্দ সোণোৱালে ব্লাড বেংক পৰিদৰ্শন কৰি অটো ইমিউন ডিজিজ আৰু লগতে লিউকেমিয়াৰ গৱেষণা ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়।ফাৰ্মাক’লজী লেবৰো পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে আয়ুৰ্বেদিক ঔষধৰ গুণগত মানদণ্ড ওপৰত আৰোপ কৰিবলৈ আহ্বান জনায়।দুয়োগৰাকী মন্ত্ৰীয়ে প্ৰতিষ্ঠানটোৰ আয়ুৰ্বেদ হাৰ্বেল ফুমিগেচন প্ৰেক্টিচৰ উচ্চ প্ৰশংসা কৰে।
মন্ত্ৰীদুগৰাকীয়ে ক্ষমতা আৰু ব্যৱহাৰিক এই দুয়ো দিশতে গুৰুত্ব আৰোপ কৰিছিল।বহুমুখী যোগ ভৱনটো মুকলি কৰি কেন্দ্ৰীয় মন্ত্ৰীয়ে শিক্ষাৰ্থী সকলৰ দ্বাৰা প্ৰদৰ্শিত কিছু জটিল যোগাসন কৰে।দুয়োগৰাকী মন্ত্ৰীকে ক’ভিডৰ সময়ত সৰ্বভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানৰ বৈজ্ঞানিক আৰু গৱেষণা মূলক অধ্যয়নৰ ওপৰত নিৰ্মিত এখন চুটি ছবি প্ৰদৰ্শন কৰা হয়।ক’ভিড কালত প্ৰতিষ্ঠানটোৰ দ্বাৰা পৰিচালিত বিভিন্ন ক’ভিড কাৰ্যসূচী আৰু স্বাস্থ্য কেন্দ্ৰ তথা ক’ভিড পৰীক্ষা কেন্দ্ৰ ওপৰত সন্তুষ্টি ব্যক্ত কৰে।মন্ত্ৰীদ্বয়ৰ পৰিদৰ্শন কালত আয়ুৰ মন্ত্ৰালয়ৰ বিশেষ সচিব পি কে পাঠক আৰু উপদেষ্টা ডাঃ মনোজ নেচাৰিও উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.