অইল ইণ্ডিয়া লিমিটেডৰ সৌজন্যত অইলৰ গ্রীন এম্বেছাডৰ তথা পদ্মশ্রী ড° যাদৱ পায়েঙৰ দ্বাৰা যোৰহাট ককিলামুখৰ একলং মিচিং গাঁৱত গছপুলি ৰোপণৰ এক কার্যসূচী ৰূপায়ণ কৰা হয়৷ যোৱা ১৮ আগষ্টত ৰূপায়িত এই কার্যসূচীত পদ্মশ্রী যাদৱ পায়েঙৰ সৈতে গাঁওখনৰ এজাক শিশু কিশোৰেও অংশগ্রহণ কৰে৷ উল্লেখ্য যে অৰণ্য মানৱ যাদৱ পায়েঙৰ গৃহভূমি যোৰহাটৰ ককিলামুখৰ একলং গাঁৱত থকা তেওঁৰ বাসগৃহটো পর্যটনৰ দৃষ্টিকোণৰ পৰা বিশেষ স্থান হিচাপে পৰিগণিত হৈছে৷ ইয়ালৈ দেশী বিদেশী পর্যটকৰ আগমন ঘটে আৰু যাদৱ পায়েঙৰ সৃষ্ট অৰণ্যৰাজি চাবলৈ উৎসুকতা প্রকাশ কৰে৷ তেওঁৰ গৃহ পথছোৱাতে প্রধানকৈ কেইবাবিধ ফলমূলৰ গছপুলি ৰোপণ কৰা হয়৷উক্ত অনুষ্ঠানত উপস্থিত থাকে মহাপ্রবন্ধক (পাইপলাইন অপাৰেচন), পি ভি ৰমনা মূর্তি, মহাপ্রবন্ধক (টেলিকম পাইপলাইন) নীলিমজ্যোতি বুঢ়াগোহাঁই উপ–মহাপ্রবন্ধক (চি এছ আৰ চি চি) দেৱাশিস বৰা আৰু ত্রিদীৱ হাজৰিকা, জ্যেষ্ঠ প্রবন্ধক জয়ন্ত বৰমুদৈ আৰু ৰিংকু বৰা৷ অইল ইণ্ডিয়াৰ দুলীয়াজান আৰু যোৰহাটৰ বিষয়ববীয়াসকলৰ উপস্থিতিতে পদ্মশ্রী ড° যাদৱ পায়েঙে অইল ইণ্ডিয়াৰ সেউজীয়া বনানীকৰণৰ উদ্যোগৰ প্রতি শলাগ জ্ঞাপন কৰা লগতে কয় যে বনানীকৰণে কার্বন নির্গমনৰ বিৰুদ্ধে বিশ্বজুৰি চলি থকা আন্দোলনত এক গতি প্রদান কৰিব৷ইফালে অইলেও আগলৈও দীর্ঘম্যাদী উন্নয়নৰ বাবে এইধৰণৰ বিভিন্ন পৰিৱেশ সজাগতামূলক কার্যসূচী যৌথভাৱে আগবঢ়াই যাব বুলি জানিবলৈ দিয়ে অইলৰ মুখপাত্র ত্রিদীৱ হাজৰিকাই৷
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি