সামাজিক সাংস্কৃতিক অনুষ্ঠান “গতি-অসম” ৰ দ্বাৰা ঘোষণা কৰা বিভিন্ন বঁটাৰ তিনিটা ডিব্ৰুগড় জিলাৰ শিশুৱে আজুৰি আনিবলৈ সক্ষম হৈছে। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত জ্যোতি মইনা পাৰিজাতৰ মইনা তথা শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ সুমন দাসক বছৰৰ শ্ৰেষ্ঠ শিশু হিচাপে নিৰ্বাচিত কৰা লগতে বিভিন্ন ক্ষেত্ৰত বিশেষ প্ৰতিভাৱান অসমৰ দহ গৰাকীৰ নিৰ্বাচিত শিশুৰ ভিতৰত ডিব্ৰুগড় জিলাৰ ২ গৰাকী ক্ৰমে ৰূপকোৱঁৰ মইনা পাৰিজাতৰ মইনা ৰিপুঞ্জয় শইকীয়াক সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে আৰু অংকুৰণ মইনা পাৰিজাতৰ মইনা তনভী তনয়া বৰুৱাক ক্ৰীড়া ক্ষেত্ৰখনৰ বাবে শ্ৰেষ্ঠ শিশু প্ৰতিভা বঁটাৰ বাবে নিৰ্বাচিত কৰিছে। এনে বতৰাই ডিব্ৰুগড় জিলাখনলৈ সু-নাম কঢ়িয়াই অনাৰ লগতে মইনা সকলকো উৎসাহিত কৰাৰ লগতে অনুপ্ৰেৰণা যোগাইছে।”গতি -অসম” সামাজিক সাংস্কৃতিক অনুষ্ঠানটিয়ে শিশু সকলক উৎসাহিত কৰিবলৈ গ্ৰহন কৰা এনে পদক্ষেপক ডিব্ৰুগড় জিলা মইনা পাৰিজতে অনুষ্ঠানটিক শলাগ জনোৱাৰ লগতে কৃতজ্ঞতা জনাইছে। ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ সম্পাদক তথা সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদক হৰেন ডেকাই কেওগৰাকীকে শুভেচ্ছা জ্ঞাপন কৰিছে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
- ৰাণীৰ জয়পুৰত বন বিভাগৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস পালন
- খানামুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত “মায়াবিনী ৰাতি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি
- ৰঙালী বিহু ২০২৬ উপলক্ষে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন প্ৰতিষ্ঠানত টপচেম চিমেণ্টৰ আনন্দ উৎসৱ উদযাপন