মিচিং জনগোষ্ঠীৰ শক্তিশালী জন বেষ্টনীৰে সমৃদ্ধ কমান বংশধৰ সকলৰ প্ৰধানতম চালিকা সংগঠন স্বৰূপ সদৌ কমান অপৃন কেবাংয়ে প্ৰতি বছৰে সমাজ সভ্যতাৰ বিশিষ্ট আৰু একনিষ্ঠ সেৱক সকলৰ লগতে বিদ্যায়তনিক ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্রদর্শনেৰে উজ্জীৱিত হোৱা কমান বংশধৰ সকলৰ সম্ভাৱনাপূৰ্ণ যুৱ শিক্ষাৰ্থী সকলক উষ্ণ সম্বৰ্ধিত কৰি আহিছে। প্ৰতিষ্ঠা কাল ২০১২ চনৰে পৰা অব্যাহত ৰখা এই প্ৰশংসনীয় কৰ্মসূচী এইবাৰো অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অপৃন কেবাঙে । কমান অপৃন কেবাংৰ সাধাৰণ সম্পাদক চিদানন্দ কমানে বুধবাৰে জনোৱা মতে সাম্প্ৰতিক জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিত সীমিত আৰু সংকুচিত কাৰ্যসূচীৰে চলিত বৰ্ষৰ কমান অপৃনৰ এই বিশেষ সম্বৰ্ধনা সভাৰ ধাৰাবাহিকতা অব্যাহত ৰখা হব। কমান বংশধৰ সকলৰ সহযোগিতাত ২০২১ বৰ্ষৰ এই কৰ্মসূচীত কৃতিমান শিক্ষাৰ্থী সকলৰ লগতে এগৰাকী কৃতিমান আৰু একনিষ্ঠ শিক্ষাগুৰুক সম্বৰ্ধিত কৰা হৱ। কমান অপৃনৰ শুভচিন্তক , ধেমাজি জিলাৰ গোগামুখ অঞ্চলৰ তাজিপ গাঁওৰ বিশিষ্ট শিক্ষাগুৰু , সমাজ হিতৈষী তথা সক্ৰিয় সমাজ কৰ্মী গোবিন শৰ্মাক চলিত বৰ্ষৰ উৎকৃষ্ট শিক্ষকৰ বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অপৃনে । কমান অপৃনৰ সাধাৰণ সম্পাদক চিদানন্দ কমানে এক বিবৃত্তি যোগে গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শৰ্মাই অঞ্চলটোৰ শৈক্ষিক ,সামাজিক ক্ষেত্ৰখনৰ গুণগত বিকাশৰ বাবে গ্ৰহণ কৰি অহা নিৰলস প্ৰয়াস আৰু আগবঢ়াই অহা বৰেণ্য সামাজিক অৱদানৰ মান্যতা প্ৰদানৰ বাবে এই বঁটা প্ৰদান কৰা হব বুলি জনাইছে। বিশিষ্ট শিক্ষাবিদ তথা সমাজহিতৈষী শৰ্মাক অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিতব্য কমান অপৃনৰ বিদ্যায়তনিক সম্বৰ্ধনা সভাত কৃতিমান শিক্ষাৰ্থী সকলৰ লগতে বিশেষ ভাবে সম্বৰ্ধনা জনোৱা হব বুলি জনাইছে । কমান অপৃন কেবাংৰ এই ৰাজহুৱা স্বীকৃতিয়ে শিক্ষাবিদ শৰ্মাক অধিক উদ্যমী আৰু কৰ্মযোগী কৰি তোলাত অৰিহণা যোগাব বুলি শিক্ষানুৰাগী মহলে মত ব্যক্ত কৰিছে । বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই ।
Trending
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক
- অসমৰ ২০টা গুৰুত্বপূর্ণ স্থানত বিশেষ মক ড্ৰিল
- পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং, পলিং বিষয়া- কাইলৈ কামৰূপ মহানগৰ জিলাৰ ২৬৬ টা কেন্দ্ৰত ভোটগ্ৰহণ