চতিয়া সমষ্টিৰ চৰ-চাপৰি সংখ্যালঘু বসতি প্ৰধান এলেকাত ৰাজ্যৰ ভিতৰতে প্ৰথমখন আদৰ্শ গাঁও স্থাপনৰ প্ৰস্তুতি চলাইছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই ৷ সমষ্টিটোৰ জামুগুৰিহাটৰ অন্যতম সংখ্যালঘু বসতি প্ৰধান অঞ্চল গটাইমাৰীক বিধায়কগৰাকীয়ে আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিছে ৷ অহা ২ ছেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰীয়ে সেই গাঁওখন শুভ উদ্ধোধন কৰিব ৷ ইতিমধ্যে চৰ-চাপৰিৰ ৬৮ টা সংখ্যালঘু পৰিয়ালক দুবিঘাকৈ চৰকাৰী মাটি আবণ্টন দিয়াৰ লগতে সেই ভূমিৰ পট্ৰাও প্ৰদান কৰিছে ৷ ইয়াৰোপৰি গাঁও খনত বিজুলিবাতি,খোৱাপানী,অংগনবাড়ী কেন্দ্ৰ, উপ স্বাস্থ্য কেন্দ্ৰ স্থাপনৰ আঁচনি লোৱাৰ লগতে প্ৰতিটো পৰিয়ালক একোটাকৈ চৰকাৰী আৱাস আৱণ্টনৰো সিদ্ধান্ত লৈছে ৷ ইতিমধ্যে গাঁওখনৰ ৰাস্তা-পদুলি নতুনকৈ নিৰ্মাণ কৰি উলিওৱাৰ লগতে গটাইমাৰী গাঁৱৰ বাসিন্দা সকলে পশুপালনৰো ব্যৱস্থা কৰিছে৷ মনকৰিবলগীয়া যে ২ছেপ্তেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই সমষ্টিটোৰ চৌকীঘাটত ৫ শতাধিক নিবনুৱাই প্ৰায় দুই সহস্ৰাধিক কৃষি ভূমিত কৰা খেতি-শস্য পৰিদৰ্শন কৰাৰ লগতে কৃষি সমস্যাৰ বুজ ল`ব বুলিও জানিব পৰা গৈছে৷
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram