তেজপুৰ শিক্ষয়িত্ৰী তথা সমাজকৰ্মী পল্লৱী নেওগ বৰাৰ সপোনৰ স্বাৱলম্বী অসম কিতাপ খনে দক্ষতা বিকাশ আৰু উদ্যমীতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে লেখিকা গৰাকীয়ে সন্মানীয় ইণ্ডিয়া প্ৰাইম অথৰ এৱাৰ্ড ২০২১ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।উল্লেখযোগ্য যে নিবনুৱা সমস্যাৰে জৰ্জৰিত ৰাজ্য খনৰ শিক্ষিত যুৱক যুৱতী সকলে কেনেদৰে বহিঃৰাজ্যলৈ নোযোৱা কৈ স্থানীয় ঠাইতে স্বাৱলম্বী হ’ব পাৰিব সেই বিষয়ে কিতাপখনত বিশদ ভাৱে আলোচনা কৰা হৈছে।তদুপৰি বিভিন্ন চৰকাৰী আঁচনি সমূহৰ যোগেদি স্থানীয় সম্পদ ব্যৱহাৰ জৰিয়তে কেনেদৰে উপাৰ্জন হৈ আত্মনির্ভৰশীল হ’ব পাৰি এই সন্দৰ্ভততো উল্লেখ কৰা হৈছে।বৰ্তমান সময়ত বৃত্তিমূলক পাঠ্যক্ৰম আৰু কাৰিকৰী শিক্ষাৰ প্ৰয়োজনীয়তা ওপৰত গুৰুত্ব আৰোপ কৰি পল্লৱী নেওগ বৰাই এই সম্পৰ্কীয় বিভিন্ন শিক্ষানুষ্ঠান সমূহৰ বিষয়েও লিখিছে।ইয়াৰোপৰি অসমৰ কেইবাগৰাকী সফল কৃষক আৰু উদ্যমীয়ে পথাৰৰ পৰা বজাৰলৈ কৰা সংগ্ৰামী যাত্ৰাৰ ওপৰতো আলোকপাত কৰা হৈছে।স্বাৱলম্বী হ’বলৈ ইচ্ছুক যুৱক যুৱতীয়ে কেনেদৰে কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব লাগিব ক’ৰ পৰা ঋণ লাভ কৰিব আৰু ইয়াক কেনেকৈ বিনিয়োগ কৰি বজাৰ দখল কৰিব পাৰিব এনে সকলো বিষয় সামৰা হৈছে কিতাপ খনত।ইতিমধ্যে লেখিকাৰ স্ব নিয়োজন সম্পৰ্কীয় বহুতো লেখা অসমৰ কেইবাখনো বাতৰি কাকত আৰু আলোচনীত ধাৰাবাহিক ভাৱে প্ৰকাশ পাইছে।তদুপৰি গল্প আৰু কবিতাৰ ক্ষেত্ৰতো পল্লৱী নেওগ বৰাই বিভিন্ন আলোচনী স্থান অধিকাৰ কৰি আহিছে।প্ৰকাশ যে,লেখিকা গৰাকীয়ে নিজেই স্ব-নিয়োজন কৰ্মশালা অনুষ্ঠিত কৰি বিগত কেইবছৰমান পৰা অসমৰ পিছপৰা অঞ্চলত যুৱক যুৱতী আৰু মহিলা সকলক উৎসাহিত কৰাৰ পিছত প্ৰশিক্ষিত বহু লোকৰ স্বাৱলম্বীৰ পথো মুকলি হৈছে।সামাজিক উদ্যমীতাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখনীয় অৱদানৰ বাবে সপোনৰ স্বাৱলম্বী অসমক ইণ্ডিয়া প্ৰাইম অথৰ পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে।তেজপুৰ সঞ্জীৱ বৰা সোঁৱৰণী জনকল্যাণ প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপিকা সমাজ সচেতন এইগৰাকী লেখিকা তত্বাৱধানত গঢ় লৈ উঠা অক্সিজেন বেংকে ক’ৰণা অতিমাৰী গ্ৰাসত পৰা লোক সকলক বিনামূলীয়া অক্সিজেন চিলিণ্ডাৰ যোগানৰ দৰে মহৎ কামত বৰ্তী হৈছে।লখিমপুৰ জীয়ৰী তথা তেজপুৰৰ বোৱাৰী পল্লৱী নেওগ বৰাৰ এই সফলতাত চহৰবাসীয়ে গৌৰাম্বিত হোৱা পৰিলক্ষিত হৈছে।
Trending
- মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
- কলাক্ষেত্ৰৰ অসম ভিত্তিক নাট প্ৰতিযোগিতা সফল সামৰণি
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন
- দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত
- Dr. Himanta Biswa Sarma sworn in as The Chief Minister of Assam
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ