দক্ষিণ কামৰূপৰ বৈদ্যুতিন আৰু ছপা মাধ্যম সাংবাদিক সকলৰ উমৈহতীয়া সংগঠন ইলেকট্ৰনিক আৰু প্ৰিণ্ট মিডিয়া ফ’ৰাম, চাউথ কামৰূপৰ আজি দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি মিৰ্জাস্থিত ই.পি.মিডিয়া ফ’ৰামৰ নিজস্ব ভূমিত চৰকাৰী নিৰ্দেশনা অনুসৰি ক’ভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ উদযাপন কৰা হয়। পুৱা ১০ বজাত পতাকা উত্তোলন কৰে ফ’ৰামৰ সভাপতি ৰতন কলিতাই। ১০.২০ বজাত স্মৃতি তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে ফ’ৰামৰ উপদেষ্টা অনিল কলিতা, সাধাৰণ সম্পাদক নীৰেন চন্দ্ৰ মালী, কাৰ্যকৰী সভাপতি হিতেন মালীসহ সমূহ সদস্যবৃন্দই। ১১ বজাত ফ’ৰামৰ সদস্যসকলৰ মাজত এখন প্ৰীতি সন্মিলন অনুষ্ঠিত হয়। সাধাৰণ সম্পাদক নীৰেন চন্দ্ৰ মালীয়ে আঁতধৰা অনুষ্ঠানত সভাপতিত্ব কৰে ফ’ৰামৰ সভাপতি ৰতন কলিতাই। সভাত উপদেষ্টা অনিল কলিতা, কাৰ্যকৰী সভাপতি হীতেন মালী, জ্যেষ্ঠ সদস্য ফটিক ঠাকুৰীয়া, গিৰীন্দ্ৰ কলিতা, হীৰেন শৰ্মাসহ সদস্য সকলে নিজ নিজ মনোভাৱ প্ৰকাশ কৰে।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক