দক্ষিণ কামৰূপৰ বৈদ্যুতিন আৰু ছপা মাধ্যম সাংবাদিক সকলৰ উমৈহতীয়া সংগঠন ইলেকট্ৰনিক আৰু প্ৰিণ্ট মিডিয়া ফ’ৰাম, চাউথ কামৰূপৰ আজি দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি মিৰ্জাস্থিত ই.পি.মিডিয়া ফ’ৰামৰ নিজস্ব ভূমিত চৰকাৰী নিৰ্দেশনা অনুসৰি ক’ভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ উদযাপন কৰা হয়। পুৱা ১০ বজাত পতাকা উত্তোলন কৰে ফ’ৰামৰ সভাপতি ৰতন কলিতাই। ১০.২০ বজাত স্মৃতি তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে ফ’ৰামৰ উপদেষ্টা অনিল কলিতা, সাধাৰণ সম্পাদক নীৰেন চন্দ্ৰ মালী, কাৰ্যকৰী সভাপতি হিতেন মালীসহ সমূহ সদস্যবৃন্দই। ১১ বজাত ফ’ৰামৰ সদস্যসকলৰ মাজত এখন প্ৰীতি সন্মিলন অনুষ্ঠিত হয়। সাধাৰণ সম্পাদক নীৰেন চন্দ্ৰ মালীয়ে আঁতধৰা অনুষ্ঠানত সভাপতিত্ব কৰে ফ’ৰামৰ সভাপতি ৰতন কলিতাই। সভাত উপদেষ্টা অনিল কলিতা, কাৰ্যকৰী সভাপতি হীতেন মালী, জ্যেষ্ঠ সদস্য ফটিক ঠাকুৰীয়া, গিৰীন্দ্ৰ কলিতা, হীৰেন শৰ্মাসহ সদস্য সকলে নিজ নিজ মনোভাৱ প্ৰকাশ কৰে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram