ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুটাকৈ বিৰল সন্মান আজুৰি অনা এগৰাকী অসম কন্যাই দেখুৱালে আদৰ্শৰ এক অনন্য নিদৰ্শন। কঠোৰ সাধনা, একাগ্ৰতা আৰু ইচ্ছা শক্তি থাকিলে মানুহে কৰিব নোৱাৰা একো কাম নাই। তাৰ জ্বলন্ত উদাহৰণ হ’ল মুম্বাইত সদ্যসমাপ্ত ‘লিভা মিচ ডিভা, ২০২১’ শীৰ্ষক সৌন্দৰ্য কিম্বা মডেলিং প্ৰতিযোগিতাত দুটাকৈ সন্মান লাভ কৰা অসমৰ পল্লৱী শইকীয়া। উক্ত প্ৰতিযোগিতাত শীৰ্ষ দহ গৰাকী প্ৰতিযোগীৰ অন্যতম পল্লৱীয়ে ‘টাইমছ মিছ টেলেণ্টেড’ আৰু ‘লিভা টপ মডেল’ খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছে। তেওঁ আছিল অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰতিযোগী।তিনিচুকীয়া জিলাৰ ডিগবৈ বিধান সভা সমষ্টিৰ অন্তৰ্গত টিংৰাই অঞ্চলৰ শিক্ষক হেমন্ত শইকীয়া আৰু অনিমা শইকীয়াৰ জ্যেষ্ঠ কন্যা পল্লৱীৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল তৈল নগৰী ডিগবৈস্থিত ‘লিটল ষ্টাৰ ছিনিয়ৰ ছেকণ্ডাৰী স্কুল’ত। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ পল্লৱীয়ে সত্ৰীয়া নৃত্য, ভাৰত নাট্যম আৰু শাস্ত্ৰীয় সংগীততো বিশাৰদ ডিগ্ৰী লাভ কৰিছে। পল্লৱী এগৰাকী নাট্য শিল্পীও। উল্লেখ্য যে সদ্যঘোষিত স্নাতক চূড়ান্ত পৰীক্ষাত ডিগবৈ মহাবিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান বিভাগত সন্মান সহ সুখ্যাতিৰে উত্তীৰ্ণ মেধাৱী ছাত্ৰী গৰাকীয়ে ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য বান্ধি লৈছে। পল্লৱীৰ এনে বিৰল কৃতিত্বত উৎফুল্লিত হৈছে টিংৰাইবাসী।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram