গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত তথা প্ৰাধিকৰণৰ অধ্যক্ষ মৃগেশ নাৰায়ণ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত হোৱা ক্ষয়-ক্ষতিৰ জোৰা মৰাৰ বাবে বিভিন্ন বিভাগে দাখিল কৰা প্ৰস্তাৱসমূহ উত্থাপন কৰে । বৈঠকত জলসম্পদ, কৃষি, শিক্ষা, মীন, লোকনিৰ্মাণ(পথ),হস্ততাঁত আৰু বস্ত্ৰশিল্প, সমাজ কল্যান বিভাগ আৰু ৰাজহ চক্ৰ পৰ্যায়ত কেইবাটাও প্ৰকল্প দাখিল কৰা হয় । ২০২১ চনত বানপানী, ধুমুহা আদিৰ ফলত বাট-পথ, বিদ্যালয় গৃহ আৰু অন্যান্য ক্ষয়-ক্ষতি তথা ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি চমুকৈ এছ ডি আৰ এফৰ অধীনত পুনৰসংস্থাপনৰ বাবে দাখিল কৰা কেইবাটাও প্ৰকল্প প্ৰস্তাৱ গৃহীত হয় । বৈঠকত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, চক্ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram