লখিমপুৰৰ অভিনৱ থিয়েটাৰ উদ্যোগত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় নাট মহোৎসৱ। বুধবাৰে বিয়লি লখিমপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলযোগে এয়া ঘোষণা কৰে উদ্যোক্তাসকলে ৷২৮অক্টোবৰৰ পৰা লখিমপুৰৰ ফুলবাৰীত আৰম্ভ হ’বলগীয়া অভিনৱ থিয়েটাৰৰ ৰাষ্ট্ৰীয় নাট মহোৎসৱত পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ, ত্ৰিপুৰা আৰু অসমৰ নাট্যদলৰ নাট মঞ্চস্থ হ’ব ৷ উদ্যোক্তাসকলে জনোৱা মতে, ফুলবাৰীৰ ১ নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰ প্ৰকল্প ২৮,২৯,৩০ আৰু ৩১ অক্টোবৰত অনুষ্ঠিত হ’ব এই নাট মহোৎসৱ ৷অভিনৱ থিয়েটাৰৰ সচিব দয়াল কৃষ্ণ নাথে জনায় যে, এই নাট মহোৎসৱত ভাৰতৰ পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিহাৰ, ত্ৰিপুৰা আৰু অসমৰ নাট্যদলে সচেতন ধাৰাৰ নাট মঞ্চস্থ কৰিব ৷ গাঁৱৰ পৰিৱেশত প্ৰছেনিয়াম মঞ্চত প্ৰতিদিনে সন্ধিয়া ৭ বজাৰ পৰা প্ৰদৰ্শন কৰা হ’ব দুখনকৈ নাট ৷এই ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ ২৮ অক্টোবৰৰ সন্ধিয়া কলকাতাৰ দক্ষিণেশ্বৰ সংকেট নাট্যদলে প্ৰিয়াংকু ৰয়ৰ পৰিচালনাৰ বঙালী ভাষাৰ নাট ‘ৰুপাই চাজু কথা’ আৰু অভিনৱ থিয়েটাৰৰ দ্বাৰা দয়াল কৃষ্ণ নাথৰ পৰিচালনাত হিন্দী নাট ‘কৰৱা সচ্’ মঞ্চস্থ কৰা হ’ব ৷২৯ অক্টোবৰৰ সন্ধিয়া পশ্চিমবংগৰ শ্ৰীয়ামপুৰ তপস্য গোষ্ঠীয়ে লুম্বিনী কুণ্ডুৰ পৰিচালনাত বঙালী ভাষাৰ নাট ‘বিৰোহিনী’, উত্তৰ প্ৰদেশৰ অযোধ্যাৰ শান্তি কালচাৰেল ফাউণ্ডেশ্যনৰ দ্বাৰা জয় ভাৰতীৰ পৰিচালনাত হিন্দী নাট ‘চলিলকুইষ্ট’ ৷ তদুপৰি ধেমাজি জিলাৰ গোগামুখৰ দৌমৰ নাট্যগোষ্ঠীৰ দ্বাৰা প্ৰবীণ দলেৰ পৰিচালনাত মিচিং ভাষাৰ নাট ‘মৰৌ’ মঞ্চস্থ কৰা হ’ব ৷ইয়াৰ পাচত ৩০অক্টোবৰৰ সন্ধিয়া বিহপুৰীয়াৰ ৰুদ্ৰাক্ষ নাট্যগোষ্ঠীৰ দ্বাৰা দেৱব্ৰত কাকতিৰ পৰিচালনাত অসমীয়া ভাষাৰ নাট ‘ঈশ্বৰৰ সন্ধানত’ আৰু আগৰতলাৰ কলাভূমিৰ দ্বাৰা বিদ্যুত জিৎ চক্ৰৱতীৰ পৰিচালনাত বঙালী ভাষাৰ নাট ‘অন্তৰ্দহন’ মঞ্চস্থ কৰা হ’ব ৷৩১ অক্টোবৰৰ সন্ধিয়া পশ্চিমবংগৰ গোবৰদাংগা মৃদংগমৰ দ্বাৰা কুশল ডেকাৰ পৰিচালনাত বঙালী ভাষাৰ নাট ‘ছায়াকৃত’ আৰু বিহাৰৰ বেগুচৰাইৰ আর্শীবাদ ৰংমণ্ডলৰ দ্বাৰা অমৃত ৰৌচনৰ পৰিচালনাত হিন্দী নাটক ‘কথাকৰজ’ মঞ্চস্থ কৰা হ’ব ৷উক্ত সংবাদমেলত বিহাৰৰ বেগুচৰাইৰ নাট পৰিচালক তথা মধ্য প্ৰদেশ নাট্য বিদ্যালয়ৰ স্নাতক ৰবি বার্মা উপস্থিত থাকি এই নাট মহোৎসৱৰ সফলতাৰ বাবে ৰাইজৰ পৰা সহায়-সহযোগিতাৰ আশা প্ৰকাশ কৰে ৷ অসমৰ এই নাটৰ উপযোগী পৰিৱেশ দেখি তেওঁ আপ্লুত হোৱা বুলিও মনোভাৱ ব্যক্ত কৰে ।উল্লেখ্য যে, নাট উপভোগৰ বাবে প্ৰয়োজনীয় প্ৰৱেশ পত্ৰৰ বাবে 7002728394 নম্বৰত যোগাযোগ কৰিবলৈ ৰাইজক আহ্বান জনায় অভিনৱ থিয়েটাৰৰ সম্পাদক দয়াল কৃষ্ণ নাথে ৷
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত ৮০ অধিক ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন