হাৰিয়ানাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয় আৰু ৰোহটকস্থিত এম ডি জে বিশ্ববিদ্যালয়ত ১৮ নৱেম্বৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰাষ্ট্ৰীয় সংহতি শিবিৰত ভাগ লোৱাৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰেলযোগে গৈ উপস্থিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ( এন এছ এছ ) ১৪ জনীয়া এটি দল । এন এছ এছৰ দুজন কাৰ্যসূচী বিষয়া ক্ৰমে বীৰঝাৰা মহাবিদ্যালয়ৰ সঞ্জীৱ শৰ্মাৰ নেতৃত্বত যোৱা ৪ জনীয়া স্বেচ্ছাসেৱকৰ দলটোৱে কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ত ভাগ লোৱাৰ বিপৰীতে নাৰেংগী মহাবিদ্যালয়ৰ ডঃ লখিমী গগৈৰ নেতৃত্বত যোৱা ৮ জনীয়া দলটোৱে এম ডি জে বিশ্ববিদ্যালয়ত ভাগ লৈছে ।২৫ নৱেম্বৰত এই শিবিৰৰ সামৰণি পৰিব। আনহাতে দুয়োটা শিবিৰত ভাগ লোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছৰ স্বেচ্ছাসেৱকৰ দল দুটাই তাত অসমৰ পৰম্পৰাগত লোকসংস্কৃতি, কলা ,খাদ্যসম্ভাৰ , যোগ আদি প্ৰদৰ্শন কৰিব। ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপজ্যোতি সন্দিকৈ , পঞ্জীয়ক ডঃ হেমন্ত কুমাৰ নাথ , ছাত্ৰ কল্যাণ সঞ্চালক আৰু এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ সঞ্চালক নিবেদন দাস পাটোৱাৰী, আৰু এন এছ এছৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় সঞ্চালক দীপক কুমাৰে হাৰিয়ানাত ৰাষ্ট্ৰীয় সংহতি শিবিৰত ভাগ লোৱা দল দুটাক শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকে যাতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰিছে ।
Trending
- SEBI and NSE Join Forces to Protect Investors from Financial Frauds
- ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক
- মৰিধল মহাবিদ্যালয়ত মনোজ্ঞ কাৰ্মশালা
- বন ভূমি অধিকাৰ আইন,২০০৬ ৰ অধীনত ভূমিৰ স্বত্ব প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠানত অংশ গ্ৰহন কৰেলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি