গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন। ১৯ ডিচেম্বৰত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত হ’বলগীয়া এই সভাখন সুচাৰুৰূপে আয়োজন কৰিবৰ বাবে অসম অলিম্পিক সন্থাই ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। এই সন্দৰ্ভত শণিবাৰে অসম অলিম্পিক সন্থাৰ সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ পৌৰাহিত্যত এখন বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত সৰ্বানন্দ সোণোৱালে ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন সফলতাৰে আয়োজন কৰাৰ বাবে হেমন্ত কুমাৰ কলিতাৰ নেতৃত্বত অসম অলিম্পিক সন্থাই গঠন কৰি দিয়া অভ্যৰ্থনা কমিটিখনক আজিৰ সভাৰ পাছৰ পৰাই সষ্টম হৈ পৰিবলৈ আহ্বান জনায়। সভাত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে কয় যে সভাখনত ভাৰতীয় অলিম্পিক সন্থাৰ প্ৰায় ২০০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। সভাখনত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটিৰ পৰা নীতা আম্বানিৰ উপৰি অঞ্জু ববী জৰ্জৰ দৰে প্ৰাক্তন তাৰকা খেলুৱৈও উপস্থিত থাকিব। লক্ষ্য কোঁৱৰে লগতে কয়- বিগত বছৰসমূহত গুৱাহাটীয়ে উচ্চমানৰ ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰি থকাৰ বাবেই বেংগালুৰু, গুৰুগ্ৰাম আৰু নতুন দিল্লীৰ দৰে স্থানক পিছ পেলাই ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন আয়োজনৰ সুযোগ লাভ কৰিছে। প্ৰতিনিধিসকল হোটেল নভ’টেল আৰু ভিভান্টাত থকিব বুলিও কোঁৱৰে লগতে জানিবলৈ দিয়ে। আনহাতে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও গুৱাহাটীত ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লোৱাৰ বিষয়টোত ইতিমধ্যে আনন্দ প্ৰকাশ কৰিছে। তদুপৰি ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচনৰ সকলো কাম-কাজ নিয়াৰিকৈ কৰাৰ বাবে ১ ডিচেম্বৰৰ পৰা অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত আয়োজক কমিটিৰ সচিবালয় সষ্টম হৈ পৰিব। এই সচিবালয়ৰ পৰাই সকলো কাম কাজ তদাৰক কৰা হ’ব। আজিৰ সভাত অসম অলিম্পিক সন্থাৰ উপ সভাপতি তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচার্য আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাও উপস্থিত থাকে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram