জাফাৰ বঁটা প্ৰদান অনুষ্ঠান – মুঠ ২৭গৰাকীলৈ জাফাৰ এচিভাৰ্ছ এৱাৰ্ড

0 278

ৰাজ্যৰ সাংবাদিক সংবাদকৰ্মী সকলৰ অগ্ৰনী সংগঠন জাৰ্ণেলিষ্ট এছ’চিয়েছন ফৰ আসাম চমুকৈ জাফাই আজি’ বিভিন্ন শিতানত মুঠ ২৭গৰাকী ব্যক্তিলৈ জাফা এচিভাৰ্ছ এৱাৰ্ড প্ৰদান কৰে৷ আজি দিছপুৰৰ অসম গড়কাপ্তানী গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ সন্মিলন ও প্ৰশিক্ষণ কেন্দ্ৰ প্ৰেক্ষাগৃহত এই বটাসমুহ প্ৰদান কৰা হয়৷ জাফা এচিভাৰ্ছ এৱাৰ্ডৰ বটাপ্ৰাপক সকল হৈছে জিতেন্দ্ৰ কুমাৰ চৌধুৰী (দৈনিক অসম), মৌচম জ্যোতি বৈশ্য ( দ্য ছেণ্টিনেল), ছায়ামনি ভূঞা ( নিউজ লাইভ), ধ্ৰুৱজ্যোতি পাঠক (অসমীয়া প্ৰতিদিন), নয়ন প্ৰতীম কুমাৰ (প্ৰতিদিন টাইম), ডিৱাই৩৬৫ৰ প্ৰদীপ বৰ্মন, আফতাব আলী (ইউ বি ফটোজ), গীতাশ্ৰী তালুকদাৰ, নিউজ ১৮ আসাম নৰ্থ ইষ্ট, প্ৰান্তজ্যোতি দৈনিকৰ নিলয় পাল, দৈনিক কাৰ্বি থেকাৰৰ লং সিং টেৰণ, মানব অধিকাৰ কৰ্মী ড° দিব্যজ্যোতি শইকীয়া, উদ্যোগী আৰ্জেদ চহৰীয়া, বিশিষ্ট সমাজকৰ্মী তূষাৰ পাল, জি এম চি এইচৰ অধীক্ষক ডা: অভিজিৎ শৰ্মা, মূখ্যমন্ত্ৰী বিশেষ তদাৰকী শাখাৰ আৰক্ষী অধীক্ষক ৰজী কলিতা, পৰিবহণ আয়ুক্ত তথা অসম উদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক আদিল খান, যুৱ নেতা জীৱেশ ৰায় আদিৰ লগতে গ্ৰাম্য অঞ্চলৰ
পৰা লখিমপুৰৰ কুশল শ‍ইকীয়া (প্ৰাগ নিউজ), মৰিগাঁৱৰ গৌতম কুমাৰ কাকতি (দৈনন্দিন বাৰ্তা), দৰঙৰ দুনীৰ তৰুণ দাস (অসমীয়া খবৰ), কোকৰাঝাৰ চিথিলাৰ কৃষ্ণ বৰ্মন (এন ডি ২৪), কলাইগাঁৱৰ অৰুণ শৰ্মা (দ্য ছেণ্টিনেল), বঙাইগাঁৱৰ উত্তম কুমাৰ বৰ্মন (টাইম-৮), কাৰ্বি আংলঙৰ অৰুণ লেকথে (কেট নিউজ), যোৰহাটৰ ইমদাদ আলী (গণস্তম্ভ), বিজনীৰ সুনীল কুমাৰ শৰ্মা (পূর্বাঞ্চল প্ৰহৰী) আৰু বাক্সা নাওকাটাৰ প্ৰকাশ পৌড়েল (নিয়মীয়া বাৰ্তা)৷ বটা প্ৰাপক সকলক গামোচা, স্মাৰক, চেলেং চাদৰ আৰু ফুলৰ টোৰা প্ৰদান কৰা হয়৷ অনুষ্ঠানটোত মূখ্য অতিথি হিচাপে অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিশিষ্ট অতিথি হিচাপে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জেষ্ঠ সাংবাদিক নৰেন হাজৰিকা, বৈকুণ্ঠনাথ গোস্বামী, অমল গুপ্ত, জাফাৰ সভাপতি অভিদ্বীপ চৌধুৰী, সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়, কাৰ্যকৰী সভাপতি পংকজ ডেকাকে প্ৰমুখ্যে কৰি আন বিশিষ্ট ব্যক্তি সকলো উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.