কবিতা বিষয়ক সদস্য ভিত্তিক আলোচনী কল্পদ্ৰুমৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত কাৰ্যলয়ৰ বাকৰিত অনুষ্ঠিত হৈ যায়। কবি-লেখিকা বুলু কুমাৰী বড়াই আদৰণি ভাষণ দিয়াৰ পিছত প্ৰয়াত কবি ৰবীন্দ্ৰ চন্দ্র বৰা, অতুল কুমাৰ শৰ্মা আদি জ্ঞাত -অজ্ঞাত কবিৰ বিয়োগত এক মিনিট সময় মৌনতা অবলম্বন কৰে। পিছতে কল্পদ্ৰুমৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত কুমাৰ অনুকূল দাসৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, পুষ্পার্ঘ্য অৰ্পণ কৰে কবি যতীন শৰ্মা, ৰাতুল চন্দ্র গোস্বামী, দীপক শৰ্মা, অক্ষেন্দ্ৰ কুমাৰ সিংহ প্ৰভৃতিয়ে। কাব্যালোচনীখনিৰ বৰ্ষপূৰ্তি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে কবি ড০ চিত্তৰঞ্জন দাস আৰু শিক্ষক তথা কবি ৰাতুল চন্দ্র গোস্বামীয়ে অংশলৈ কবিতাৰ আলোক সন্ধানী যাত্ৰাৰ ওপৰত বক্তব্য দাঙি ধৰে। সভাতে গান্ধীবাদী বিশিষ্ট সমাজসেৱী, কবি, লেখিকা চম্পা বড়াক জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰে। কল্পদ্ৰুমৰ সম্পাদক বিনিতা দেৱী বৰুৱা দাসে আঁত ধৰা অনুষ্ঠান ডা: হিৰকজ্যোতি দাসৰ গীতেৰে আৰম্ভ হয়। কল্পদ্ৰুম কালচাৰেল ইউনিটৰ কণ-কণ শিশুসকলে সমবেত সংগীত পৰিবেশনৰ অন্তত অনুষ্ঠিত অন্তৰংগ আলাপ অনুষ্ঠানত চিকিৎসকত ডা: হিৰকজ্যোতি দাস, কবি-সাংবাদিক দীপক শৰ্মা আৰু কবি ৰুদ্ৰ সিংহ মটকে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে কবি মহিধৰ কলিতাৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনত দীপক শৰ্মা, কমলজিৎ কলিতা, সবিতা দেৱী বৰুৱা, কাব্যশ্ৰী বৰপাত্ৰ, অনুৰাধা ৰাজখোৱা, সংগীতা মহন্ত, বিভাৰাণী দাস, ড০ চিত্তৰঞ্জন দাস, বুলু কুমাৰী বড়া, কুঞ্জলতা মেধি, ড০ অৰুণিমা বৰুৱা, ৰাতুল চন্দ্র গোস্বামী, মণিদীপা বৰ্মন, প্ৰমোদ চন্দ্র ঠাকুৰীয়া আদি কবিয়ে কবিতা পাঠ কৰে। ৰুম্পা ভদ্র, ত্ৰিদিপ বৰুৱা, ড০ কান্তা কাবেৰী দাস, জিতুমণি দাস আদিয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৰ্দ্ধন কৰে।
Trending
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক
- অসমৰ ২০টা গুৰুত্বপূর্ণ স্থানত বিশেষ মক ড্ৰিল
- পঞ্চায়ত নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং, পলিং বিষয়া- কাইলৈ কামৰূপ মহানগৰ জিলাৰ ২৬৬ টা কেন্দ্ৰত ভোটগ্ৰহণ