জামুগুৰি পৌৰসভাৰ নিৰ্বাচন-বিজেপি দলৰ ৩৬ দফীয়া ইস্তাহাৰ পত্ৰ প্ৰকাশ

0 235

পৌৰসভা নিৰ্বাচনক লৈ শাসক বিৰোধীৰ তীব্ৰ প্ৰচাৰ অভিযানৰ মাজতে শনিবাৰে জামুগুৰি পৌৰসভাৰ নিৰ্বাচনক লৈ বিজেপি দলে প্ৰকাশ কৰে ইস্তাহাৰ পত্ৰ৷জামুগুৰিহাটৰ বিজেপি দলৰ মূখ্য কাৰ্যালয়ত বিধায়ক পদ্ম হাজৰিকাই ৩৬ দফীয়া এই ইস্তাহাৰ পত্ৰ মুকলি কৰে৷মূলত জামুগুৰিহাটক সৰ্বাংগসুন্দৰ কৰাৰ লক্ষ্য আগত ৰাখি ক্লীন জামুগুৰি গ্ৰীণ জামুগুৰি গঢ়ি তোলা,ডিচেম্বৰ মাহৰ ভিতৰত ইতিমধ্যে ২৮ কোটি টকাৰে নিৰ্মানকাৰ্য চলি থকা বাৰেচহৰীয়া ভাঁওনাৰ সাংস্কৃতিক প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰি তোলা,বাৰেচহৰীয়া ভাঁওনা উদযাপনৰ স্থলী পকামুৰা পথাৰৰ ভূমি চৰকাৰীভাৱে ক্ৰয় কৰি সু-পৰিকল্পিতভাৱে ভূমিখণ্ডৰ উন্নয়ণ কৰা,জামুগুৰি নগৰাঞ্চলত আৰবান ডেভলপমেণ্ট বৰ্ডৰ দ্বাৰা বিশুদ্ধ খোৱাপানী যোগানৰ সু-ব্যৱস্থা নতুনকৈ কৰাকে আদি কৰি ৩৬ দফীয়া ইস্তাহাৰ পত্ৰ জামুগুৰি পৌৰ এলেকাৰ ৰাইজৰ বাবে প্ৰকাশ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.