ভিচন চানৰাইছৰ উদ্যোগত তেতেলীয়াত প্লে থেৰাপীৰ বিষয়ক কৰ্মশালা সম্পন্ন

0 277

গুৱাহাটীৰ অগ্ৰণী অনা চৰকাৰী সংস্থা ভিচন চানৰাইছৰ উদ্যোগত গুৱাহাটীৰ তেতেলীয়াস্থিত পূৰ্বত্তৰ ইনষ্টিটিউট ফৰ পাৰচনছ উইথ ডিজেবিলিটছ চৌহদত আজি প্লে থেৰাপী বিষয়ক এখন কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত গুৱাহাটীৰ উপৰিও বৰপেটা, নলবাৰী, আজাৰা, মিৰ্জা আদিৰ বিভিন্ন প্ৰতিষ্ঠানৰ প্ৰায় ৩০ গৰাকীৰো অধিক প্ৰশিক্ষকে ভাগ লয়। আনহাতে বন্তি প্ৰজ্বলনৰে কৰ্মশালাখন উদ্ধোধন কৰে বিশিষ্ট চিকিৎসক আৰু ভিচন চানৰাইছৰ সভাপতি ডাঃ ধনেশ্বৰ কলিতাই। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত প্ৰতিষ্ঠানখনৰ অধ্যক্ষ জ্যোতিপ্ৰসাদ চহৰীয়া, ভিচন চানৰাইছৰ সদস্য ক্ৰমে ডঃ ৰীতা চৌধুৰী, কল্পনা ৰাজকুমাৰ, অৰ্পিতা শইকীয়া, জুৰি কলিতা, অলংকিতা বৰুৱা উপস্থিত থাকে। আনহাতে কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটীৰ কম্পজিত ৰিজিওনেল চেণ্টাৰৰ সহযোগী অধ্যাপক ডাঃ পৰমবীৰ ৰংগা। ডাঃ ৰংগাই কৰ্মশালাৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰি উপস্থিত প্ৰশিক্ষক সকলক তেওঁলোকে নিজ নিজ প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থী সকলক প্লে থেৰাপীৰ সম্পৰ্কে আধুনিক পদ্ধতিৰে সহজভাবে কিদৰে প্ৰশিক্ষণ প্ৰদান কৰিব তাৰ বাখ্যা দাঙি ধৰে।

Leave A Reply

Your email address will not be published.