উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা, একতা আৰু উন্নয়নৰ বাবে কাম কৰি অৰাজনৈতিক সামাজিক , সাংস্কৃতিক সংগঠন সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ অসম প্ৰদেশ কমিটিয়ে অহা ৪, ৬ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত প্ৰথম বাৰৰ বাবে “সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২২” অনুষ্ঠিত কৰিব । আজি সৰুসজাই ষ্টেডিয়ামৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰে মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক সুজল বৰদলৈয়ে। সংবাদ মেলত সুজল বৰদলৈয়ে কয় আগন্তক ক্ৰীড়া মহোৎসৱত ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১৫ কিঃমিঃ ভিতৰৰ ৯ খন জিলা ক্ৰমে – ধুবুৰী, কৰিমগঞ্জ, কাছাৰ, দক্ষিণ শালমাৰা, কোকৰাঝাৰ , চিৰাং, বাগছা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ পুৰুষ – মহিলাসহ প্ৰায় ৩৫০ জন খেলুৱৈয়ে ভাগ লব। ১০ টা ইভেণ্টত হ’বলগীয়া প্রতিযোগিতাৰ বাবে খেলুৱৈসকলক বাচনি কৰিবৰ বাবে সেই জিলা কেইখনত ৪, ১১ মাৰ্চত সপ্তাহযোৰা কাৰ্যসূচীৰে কোৱালিফাইং ৰাউণ্ড অনুষ্ঠিত কৰা হৈছিল । ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত, নতুন দিল্লীৰ হন্স ফাউণ্ডেচন আৰু অইল ইণ্ডিয়াৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাখন ৪ এপ্ৰিলত বিয়লি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্ধোধন কৰিব। য’ত অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী তথা মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সভাপতি বিমল বৰা, বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকিব। তেনেদৰে ৬ এপ্ৰিলৰ দিনা বিয়লি অনুষ্ঠিত হবলগীয়া সামৰণি অনুষ্ঠানত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সংযোজক গোপাল কৃষ্ণণ উপস্থিত থাকি বিজয়ী সকলক বঁটা প্ৰদান কৰিব। আনহাতে খেল সমূহ পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত অনুষ্ঠিত হ’ব বুলি সুজল বৰদলৈয়ে সদৰি কৰে। সংবাদ মেলত সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ অসম প্ৰদেশ কমিটিৰ সভাপতি ড০ বিনীতা ভাগৱতী, মহোৎসৱৰ প্ৰচাৰ সম্পাদক প্ৰিয়ংকা পালিতে ভাগ লৈ সীমান্তৱৰ্তী অঞ্চলৰ যুৱক যুৱতী সকলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে এনে ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি ব্যক্ত কৰে।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ