সোণালী জয়ন্তী বৰ্ষ উপলক্ষে ৰঙাচকুৱাত দহ দিনীয়া বিহু কৰ্মশালা সম্পন্ন

0 228

হেপাঁহৰ ৰঙালী লৈ মাজত মাথোঁ কেইটামান দিন । গছে বনে সলাইছে পাত । গছৰ ডালত কুলী কেতেকী জনীয়েও দিছে বসন্ত বতৰা । ঢোল পেঁপাৰ মাত শুনি বিহু তলিলৈ ঢপলিয়াই আহিছে গাভৰুহঁত । ৰঙালীক আদৰিবলৈ ব্যস্ত এতিয়া প্ৰতিজন অসমীয়া । এই ছবি শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি হিচাপে পৰিচিত ৰঙাচকুৱা অঞ্চলৰ । সোণালী জয়ন্তী বৰ্ষ উপলক্ষে ৰঙাচকুৱা ব’হাগী মেলাৰ উদ্যোগত ১০ দিনীয়াকৈ আয়োজন কৰিছিল বিহুৰ কৰ্মশালা । জামুগুৰিহাটৰ ভৰলীপৰীয়া বিহুৱা দলৰ নেতৃত্বত অঞ্চলটোৰ শতাধিক কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱক যুৱতী সকলে সকলোৱে হেঁপাহৰ ৰঙালী বিহুত এপাক কঁকাল ঘূৰাই নাচিবলৈ চলাইছে বিহুৰ আখৰা ।যোৱা দুটা কৈ বছৰ কোভিডৰ ভয়াবহতাৰ বাবে ৰঙালী বিহু উদযাপন কৰাত বহু বাধা আহি পৰিছিল । কিন্তু এইবাৰ এক কোভিড মুক্ত পৰিৱেশত পুনৰ সকলো ওলাই আহি ভাগ লৈছে বিহুৰ প্ৰস্তুতিত । ইফালে সমান্তৰালকৈ প্ৰকৃতিৰ ৰাণীয়েও বসন্তক আদৰিবলৈ সাজু । কুলি কেতেকী জনিও গছৰ ডালে ডালে জুৰিছে সুমধুৰ গীত আৰু এইদৰেই এতিয়া অসমৰ চুকে কোনে প্ৰতিজন অসমীয়া ব্যস্ত অসমীয়া বাপটি সাহোন হেঁপাহৰ বিহুটিক আদৰাৰ প্ৰস্তুতিত ।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.