মুখ্য সচিব জিষ্ণু বৰুৱাৰ চৰাইদেউ জিলা ভ্ৰমণ- চৰাইদেউৰ ঐতিহাসিক মৈদামসমূহ পৰিদৰ্শন

0 195

অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই তেওঁৰ চৰাইদেউ জিলা ভ্ৰমণকালত আজি ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয়ৰ অধীনস্থ মৈদামস্থলীসমূহ পৰিদৰ্শন কৰি এই সমূহত চলি থকা খননকার্য, সংৰক্ষণ, সৌন্দৰ্যবৰ্ধন আৰু আন্তঃগাঁথনি উন্নয়নৰ কামসমূহ তদাৰক কৰাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ দিহা-পৰামৰ্শ আগবঢ়ায়। জিলা উপায়ুক্ত পল বৰুৱা আৰু আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ উপস্থিতিত নিজ ভ্ৰমণ কালত মুখ্য সচিব গৰাকীয়ে তাৰ পিছত ঐতিহাসিক লাংকুৰী দৌল পৰিদৰ্শন কৰাৰ শেষত তেওঁ স্থানীয় চৰাইদেউ পৰ্বত চাহ বাগিচাত স্থিত ঐতিহাসিক বঙলা আৰু ফুলেশ্বৰী কুঁৱৰীৰ মৈদামো পৰিদৰ্শন কৰে।

মুখ্য সচিব গৰাকীৰ পৰিদৰ্শন কালত মহকুমাধিপতি (সদৰ) প্ৰাঞ্জল প্রতিম কোঁৱৰ, প্ৰত্নতত্ব সঞ্চালকালয়ৰ উপ-সঞ্চালক নৱজিত দেউৰী, কাৰিকৰী বিষয়া ছাবিনা হাছান, জ্যেষ্ঠ সংৰক্ষণ বিষয়া কংকণ জ্যোতি শইকীয়াৰ লগতে স্থানীয় তৰ্পণ সমিতিৰ সম্পাদক অতুল ৰাজকোঁৱৰ আৰু সমাজকৰ্মী মৃদুল কোঁৱৰ উপস্থিত থাকে।

জিলাখনৰ ঐতিহাসিক মৈদামসমূহ পৰিদৰ্শন কৰাৰ অন্তত মুখ্য সচিব গৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ শিৱসাগৰ বৈদ্যুতিক চক্ৰৰ অধীনস্থ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ শক্তি খণ্ডৰ কাম-কাজৰ বিষয়ে বিস্তৃতভাৱে পৰ্যালোচনা কৰে।

জিলা উপায়ুক্ত পল বৰুৱা আৰু আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি মুখ্য সচিব গৰাকীয়ে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ দ্বাৰা সংগৃহীত বিদ্যুৎ বিল, অনাদায় হৈ থকা ৰাজহ সংগ্ৰহৰ পৰিমাণ তথা এই ক্ষেত্ৰত বিভাগে গ্ৰহণ কৰা কাৰ্যপন্থা আদিৰ বিষয়ে বিস্তাৰিত ভাৱে আলোচনা কৰে। বৈঠকত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিষয়া সকলে মুখ্য সচিব গৰাকীৰ আগত এক পাৱাৰ পইণ্ট প্ৰেজেণ্টেচন দাঙি ধৰে।

পৰ্যালোচনা কালত মুখ্য সচিব গৰাকীয়ে ২০২০ বৰ্ষ আৰু তাৰে আগৰ পৰা বৈদ্যুতিক মাচুল অনাদায় অৱস্থাত থকা গ্ৰাহক সকলৰ বিদ্যুৎ সংযোগ শীঘ্ৰে কৰ্তন কৰিবলৈ নির্দেশ প্ৰদান কৰে। তেওঁ লগতে বিভাগীয় বিষয়া সকলক ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়া খৰতকীয়া আৰু ফলপ্ৰসূ ভাৱে চলাই নিবলৈ আহ্বান জনায়। তেওঁ লগতে চৰকাৰী কাৰ্যালয় আৰু আৱাস সমূহত স্মাৰ্ট মিটাৰ সংস্থাপন কৰাৰো পোষকতা কৰে। তেওঁ শক্তি খণ্ডৰ উন্নয়ন তৰান্বিত কৰাৰ উদ্দেশ্যে বিভাগীয় বিষয়া সকলক নিষ্ঠা সহকাৰে আৰু দায়বদ্ধতাৰে কৰ্ম সম্পাদন কৰিবলৈ আহ্বান জনায়।

আজিৰ পৰ্যালোচনা বৈঠকত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান আৰু মৌচুমী চেতিয়া, মহকুমাধিপতি (সদৰ) প্ৰাঞ্জল প্রতিম কোঁৱৰ আৰু মিতালি লহকৰ, সহকাৰী আয়ুক্ত জাহ্নৱী গোস্বামী আৰু সমুজ্বল বড়া, নিৰ্বাচন বিষয়া নিবেদিতা বৰঠাকুৰ, এ. পি. ডি. চি. এল. -ৰ উজনি অসম অঞ্চলৰ চি. জি. এম. (ডি এণ্ড এছ) নিত্য ৰঞ্জন কাকতি, চি. জি. এম. (চি এণ্ড ই ই) ৰফিউল আমিন দেৱান, এল. টি. পি. এছ. -ৰ ভাৰপ্ৰাপ্ত সাধাৰণ প্ৰবন্ধক যদু প্ৰাণ বৰগোঁহাই, ডি. জি. এম. (ছিষ্টেম) ৰেজ্জা মেহমুদ আৰু শিৱসাগৰ বৈদ্যুতিক চক্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া উদীপ দেউৰী উপস্থিত থাকে।

 

Leave A Reply

Your email address will not be published.